অনালি শৰ্মা
বৰপেটা,৮ আগষ্টঃ অসমীয়া সমাজৰ মূল চালিকাশক্তি তথা সাহিত্য-সংস্কৃতিকে আদি কৰি বৈষ্ঞৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ তথা নামঘৰ সমূহত আজি এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে ।
কৰুণা ভাইৰাছৰ শংকাৰ বাবে অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে যদিও বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে পালন কৰাৰ লগতে পুৱাৰে পৰাই সীমিত ভক্তই পালিত নামত অংশ গ্ৰহণ কৰে ।
উল্লেখ্য যে আজিৰ দিনটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় । সেই উপলক্ষে আজি সত্ৰত পুৱাৰ ভাগত গীত আৰু ভটিমা গোৱাৰ পাছত ঘোষাপাঠ কৰা হয় ।
সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই এই মহোৎসৱত ভাগ লৈ আশিষ প্ৰদান কৰে । আনহাতে কভিড নীতি পালন কৰি বৰপেটা সত্ৰৰ লগতে পাটবাউসী,সুন্দৰীদিয়া,বৰাদি আদি সত্ৰটো গুৰুজনাৰ তিথি পালন কৰা হয় ।