কালি শ্বাসৰুদ্ধকৰ খেলত ১৭ ৰাণত ভাৰতৰ হাতত পৰাস্ত দক্ষিণ আফ্ৰিকা।ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰাণত পৰাস্ত কৰে।টছত পৰাস্ত হোৱাৰ পাছত ভাৰতে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৪৯ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
দক্ষিন আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ১২০টা বলত ১৩৫ৰাণ সংগ্ৰহ কৰি শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।ভাৰতৰ হৈ সৰ্বাধিক ৪টা উইকেট দখল কুলদীপ যাদৱৰ।হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে।অৰ্শদীপ সিঙে ২টা উইকেট দখল কৰে।উল্লেখ্য যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩ দিনীয়া এদিনীয়া শৃংখলা আৰম্ভ হৈছে।ৰাচীত প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল।দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰামে টছত জয়ী হৈ প্ৰথমে বলিং কৰিছিল।অধিনায়ক শুভমন গিলৰ অনুপস্থিতিত কে এল ৰাহুলে ভাৰতক নেতৃত্ব দিছিল।
ভাৰতৰ হৈ ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে অপেনিং কৰে।অপেনিং কৰি ৰোহিতে এক আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰে।এই মেচত তিনিটা ছিক্সাৰৰ জৰিয়তে ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে।প্ৰথম ৩ অভাৰলৈ দুয়োগৰাকী বেটছমেনে অতি সাৱধানেৰে খেলে।জয়ছোৱালে কেইবাটাও আক্ৰমণাত্মক শ্বট খেলে, য’ত ২ টা ৪ আৰু এটা ছিক্সাৰ অন্তৰ্ভুক্ত আছে।কিন্তু ১৬ টা বল খেলি বাৰ্গাৰৰ চিকাৰ হয় জয়ছোৱাল।১৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিল জয়ছোৱাল।ইফালে ৫ অভাৰলৈ ক্ৰিজত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে বেটিং কৰিছে।বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ এক সুন্দৰ PARTNERSHIP য়ে খেলখন অতি ৰোমাঞ্চকৰ কৰি তুলিছিল।প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত ৩৫০ ৰাণৰ বৃহৎ লক্ষ্য ৰখাৰ পাছত বলিঙৰ দ্বাৰাও আকৰ্ষণীয় প্ৰদৰ্শন কৰে ভাৰতে।পৰৱৰ্তী খেলকেইখনত ভাৰতে কেনেধৰণৰ ৰণনীতি প্ৰয়োগ কৰিব সেইয়া সময়ত হ’ব লক্ষনীয়।