হংকংত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড

Share

চীনৰ হংকং চহৰত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।মেৰামতি চলি থকা সময়ত হৈ এই দুৰ্ঘটনা ।বুধবাৰে সংঘটিত হৈ এই দুৰ্ঘটনা। ৪৪ গৰাকী লোকৰ বৰ্তমান সময়লৈকে মৃত্যু হয়।বাকী কেইগৰাকী বৰ্তমান নিৰুদ্দেশ হৈ আছে।বুধবাৰে বিয়লি এই দুৰ্ঘটনাটো সংঘটিত হয়।প্ৰায় দুহেজাৰ টা এপাৰ্টমেন্ট ৮টা হাউচিং কমপ্লেক্সত এই অগ্নিকাণ্ডটো সংঘটিত হয়।অগ্নিকাণ্ডটো ইমানেই ভয়াবহ আছিল যে বৃহস্পতিবাৰে পুৱা কেইবাটাও এপাৰ্টমেন্টত পুনৰ অগ্নকাণ্ড সংঘটিত হয়।আৰক্ষীয়ে বৰ্তমান সময়লৈকে ৩জন লোকক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে মেৰামতিৰ কামত প্ৰয়োগ হোৱা বাহঁত প্ৰথম অৱস্থাত এই জুইৰ সূত্ৰপাত হৈছিল।স্থানীয় নেতাই কয় যে ২৭৯ গৰাকী লোকৰ বৰ্তমানেও কোনো সন্ধান নাই,লগতে এই কথাষাৰো উল্লেখ কৰে ৯শৰো অধিক লোকে অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছে।কিমানজন লোক সন্ধানহীন হৈ আছে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।সমগ্ৰ ঘটনাটোৱে  চীনত  এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে।চীনৰ ৰাষ্টপতি চি জিন পিঙে এই ঘটনাটোক লৈ শোক প্ৰকাশ কৰে। বহুতো  চৰকাৰী প্ৰতিষ্ঠানে ক্ষতিগস্ত লোকসকলক সহায় আগবঢ়োৱাৰ উপৰি এই ঘটনাটোত অনিষ্ট হোৱা বহুকেইটা পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ সাধাৰণ ৰাইজৰ দাবী চৰকাৰলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *