অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা অসম চৰকাৰে তিৰাশী তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰে সদনত। ১৯৮৩ চনত অসম আন্দোলৰ সময়ত সাধাৰণ নিৰ্বাচনৰ ফলস্বৰূপে অসমৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৱলী সংঘটিত হৈছিল। নেলীৰ হত্যাকাণ্ড আছিল তাৰেই এক অংশ। অসম আন্দোলনৰ নেতাসকলে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিধিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল। কিন্তু চৰকাৰে নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনৰ সূত্ৰপাত ঘটে। এই গণ-আন্দোলনে সময়ত হিংসাত্মক ৰূপ লয় আৰু বহুকেইটা হত্যাকাণ্ড সংঘটিত হয়। চৰকাৰী হিচাপত প্ৰায় ৩০০০ জন লোকৰ প্ৰাণহানি হোৱা বুলি দেখুৱালেও বেচৰকাৰী সূত্ৰমতে উক্ত সংখ্যা প্ৰায় ১০,০০০ জন।
প্ৰায় ৪২ বছৰৰ পাছত ৰাজহুৱা হ’ল তিৱাৰী আয়োগৰ প্ৰতিবেদন। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ নেলী কাণ্ডৰ পাছত গঠন হৈছিল The Commission on Assam Disturbances 1983 চমুকৈ তিৱাৰী আয়োগ। ইয়াৰ নেতৃত্বত আছিল উত্তৰ প্ৰদেশৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব ত্ৰিভুৱন প্ৰসাদ তিৱাৰী। পাছত ১৯৮৪ চনৰ মে’ মাহত তিৱাৰীয়ে প্ৰতিবেদন অসম চৰকাৰক প্ৰদান কৰিছিল। ১৯৮৭ চনত প্ৰফুল্ল মহন্তই প্ৰতিবেদন বিধানসভাত উত্থাপন কৰিছিল কিন্তু বিধায়কক প্ৰতিলিপি দিয়া নাছিল। এইবাৰ অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই অৰ্থাৎ ২৫ নৱেম্বৰত প্ৰতিবেদনৰ প্ৰতিলিপি পুনৰ অসম বিধানসভাৰ মজিয়াত বিতৰণ কৰা হয়। বিৰোধী নথকা অৱস্থাত এই প্ৰতিবেদন দাখিল কৰাৰ হয় বাবে বিৰোধী দলসমূহে ইয়াৰ বিৰোধীতা কৰা দেখা গৈছে। বিৰোধী দলসমূহে কয় যে, এখন প্ৰতিবেদন দুবাৰকৈ বিধানসভাত উত্থাপন কৰা নহয়। সভাস্থগিত প্ৰস্তাৱৰ আলোচনাৰ সামৰণি নৌহওঁতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হঠাৎ তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিছে।
বিৰোধী দলসমূহে এতিয়া এই হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাইছে। বিৰোধী দলসমূহৰ অনুপস্থিতিত এই প্ৰতিবেদন দিয়াৰ বাবে কেইখিলামান কাগজ দিলেই ন্যায় দিয়া নহয় বুলি কয় আৰু উচিত ন্যায় প্ৰদানৰ বাবে চিবিআই তদন্তৰ আহ্বান জনাই।