ডিব্ৰুগড়ৰ লগতে অসমৰ ন-শিকাৰু ক্ৰিকেটৰসকলৰ বাবে সুখবৰ । দুলীয়াজানত মুকলি কৰা হ’ল এক উন্নত মানৰ ক্ৰিকেট একাডেমী ।ভাৰতীয় দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইউছুফ পাঠানে মুকলি কৰিলে এই ক্ৰিকেট একাডেমীখন । দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টিংৰাই চাৰিআলিত ইউছুফ পাঠান আৰু তেওঁৰ ভাতৃ তথা প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানৰ প্ৰচেষ্টাত ক্ৰিকেট একাডেমী অৱ পাঠানছৰ (চি এ পি) এটা চেণ্টাৰ মুকলি কৰা হয় ।ক্ৰীড়া ক্ষেত্ৰখনত খেলুৱৈসকলে অসমৰ লগতে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয পৰ্যায়ৰ প্ৰতিযোগিতা ।এইপ্ৰতিযোগিতাসমূহে অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।ক্ৰিকেট একাডেমীৰ নতুন চেণ্টাৰ মুকলি কৰি ইউছুফ পাঠানে কয়,মোৰ বহুত ভাল লাগিছে যে এয়া অসমৰ দ্বিতীয়টো আৰু ডিব্ৰুগড়ত প্ৰথমটো চেণ্টাৰ।অসমীয়া হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভতো প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয়, “জুবিন গাৰ্গৰ বিষয়ে মই যিমানখিনি জানো, যিমানখিনি শুনিছোঁ তেওঁ অসমৰ কাৰণে বহুত কাম কৰিলে । অসমৰ সকলোৱে তেওঁক বহুত ভালপায় । যি হৈ গ’ল সেয়া ভাল নহ’ল । তেওঁৰ স্মৃতি সকলোৰে হৃদয়ত থাকিব । সকলোৰে হৃদয়ত তেওঁ জীয়াই থাকিব । ৰাইজ যাৰ লগত ঠিয় হয় তেওঁ নিশ্চয় ন্যায় পাব ।”ইয়াৰ লগতে তেওঁ ৰিয়ান পৰাগ আৰু উমা ছেত্ৰীৰ বিষয়েও নিজৰ প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।