গৌতম জ্যোতি তালুকদাৰ
ওদালগুৰি,৭ ছেপ্টেম্বৰঃ সশস্ত্র সীমান্ত বাহিনী ৩৭ নং বেটেলিয়ান, মংগলদৈ শাখাৰ দ্বাৰা ওদালগুৰিৰ যোৰপুখুৰীত ৬ ছেপ্টেম্বৰত এখনি সজাগতা সভা অনুস্থিত হয়। উক্ত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সশস্ত্ৰ সীমা বাহিনীৰ ৩৭ নং বেটেলিয়ান ডি আই জি চানেড কেয়সিং, মঙ্গলদৈ শাখাৰ ডেপুটি কমান্ডেন্ট মনৌজ কুমাৰ, সহকাৰী কমান্ডেন্ট বিষ্ণু কুমাৰ, সহকাৰী কমান্ডেন্ট চিকিৎসক ডা: যুগীতা মাৰ্গাডে, অঞ্চলটোৰ বহু বিশিষ্ট লোকৰ উপস্থিতিত বহু সৌৰ চাকি পাঠ্যপুথি, আৰু স্বাস্থ্যজনিত দৰৱ বিতৰণ কৰে |সশস্ত্ৰ সীমা বাহিনীৰ ৩৭ নং বেটেলিয়ান, মংগলদৈ শাখাৰ এয়া এক অভিনৱ পদক্ষেপ | ওদালগুৰি জিলাৰ যোৰপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় | যোৰপুখুৰী অঞ্চলত দৈনিক হস্তী-মানুহৰ সংঘাট হৈ থাকে |
ইয়াক কেনেদৰে নিৰ্মূল কৰিব পাৰি তাৰ ওপৰত ভাষন প্ৰদান কৰে সশস্ত্র সীমান্ত বাহিনী ৩৭ নং বেটেলিয়ান,মংগলদৈ শাখাৰ ডিআইজি চানেড কেয়সিংয়ে | অনুষ্ঠানটিত সশস্ত্র সীমা বাহিনীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সৌৰ বিদ্যুৎ চাকি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কিতাপ-বহী, কলম ইত্যাদি প্ৰদান কৰাৰ উপৰিও চিকিৎসা শিবিৰৰ আয়োজন কৰে | ছাত্ৰ-ছাত্ৰী সকল ভৱিষ্যতে এক সুনাগৰিক হৈ দেশ সেৱাত যাতে ব্ৰতী হ’ব পাৰে তাৰ বাবে দিহা-পৰামৰ্শ আগবঢ়াই ডিআইজি চানেড কেয়সিংয়ে | উক্ত অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী সকলে বিহু নাচ, বাগৰুম্বা নৃত্যৰ লগতে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে |এই বিশেষ অনুস্থানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকে |