ছাদ্দাম হুছেইন,৭ চেপ্তেম্বৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিও কনফাৰেন্চৰ জৰিয়তে আজি “শিক্ষক পৰ্ব” নামৰ এক কাৰ্য্যসূচীত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হব। সমসাময়িক পৰিস্থিতিৰ শিক্ষা ব্যবস্থাক লৈ বহুতো মূল্যৱান আলোচনা আগবঢ়াব। CBSEৰ অধীনস্থ পাঠ্যক্রম আৰু বিদ্যালয় সমুহৰ গুনাগুন, ‘নিপুন ভাৰত’ ৰ উদ্দেশ্যে NISHITHA teacher’s training আদি বিষয় সমুহৰ ওপৰতো পৰ্যালোচনা কৰা হব।
কেন্দ্রীয় শিক্ষা মন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যিক শিক্ষা মন্ত্রী জিতেন প্ৰসাদকে আদি কৰি বিভাগীয় শীর্ষ বিষয়ববীয়া সকলেও ভিডিও কনফাৰেন্চ যোগে “শিক্ষক পৰ্ব ২০২১” নামৰ কাৰ্যসূচীচ অংশ লব। এই আলোচনাই দেশৰ শিক্ষা ব্যবস্থাৰ সকলো স্তৰৰ বিদ্যালয় সমুহৰ মানদণ্ডৰ বিকাশ সাধনত কিছু পৰিমাণে প্ৰেৰণা যোগাব ।