ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থী সকলৰ বাবে আহিল ডাঙৰ খবৰ। ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা।২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব পৰীক্ষা। সামাজিক মাধ্যমৰ প’ষ্টৰ দ্বাৰা সদৰী কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড অনুষ্ঠিত কৰিব উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা । ২০২৬ ৰ ১০ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হবহাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০২৬ ৰ ১১ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। সামাজিক মাধ্যমত সমূহ পৰীক্ষাৰ্থিক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ।