বিহাৰ বিধানসভা নিৰ্বাচনত NDA ৰ বৃহৎ সফলতাৰ পাছত পুনৰ চৰকাৰ গঠন কৰিব NDA য়ে। বিহাৰত ২০নৱেম্বৰ অৰ্থাৎ কাইলৈ নতুন চৰকাৰৰ শপতগ্ৰহণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।কাইলৈ পাটনাৰ গান্ধী ময়দানত অনুষ্ঠিত হ’ব বিহাৰৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান।শপতগ্ৰহণ অনুষ্ঠানৰ বাবে সাধাৰণ ৰাইজৰ বাবে ৪দিন বন্ধ আছে গান্ধী ময়দান।১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ পৰ্যন্ত সাধাৰণ ৰাইজৰ বাবে বন্ধ কৰি ৰখা হৈছে গান্ধী ময়দান। বিহাৰত দশম বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপত পুনৰ শপত ল’ব নীতিশ কুমাৰে। ৰাজ্যপাল আৰিফ মহম্মদ খানে নতুন মুখ্যমন্ত্ৰী আৰু অন্য মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱাব। এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু NDA ৰ নেতৃত্বত থকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী। বিহাৰ বিধানসভা নিৰ্বাচনত ২৪৩ খন আসনৰ ভিতৰত NDA য়ে ২০২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে,য’ত BJP য়ে ৮৯খন, JDU য়ে ৮৫খন, LJPRV য়ে ১৯ খন আৰু অন্য সহযোগী দলসমূহে ৯ খন আসন লাভ কৰে।BJP আৰু JDU য়ে মন্ত্ৰীসভাত সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব আৰু LJP(RV) আৰু HAM(S) য়েও মন্ত্ৰীসভাত আসন লাভ কৰাৰ সম্ভাৱনা আছে।
কাইলৈ বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে ২২ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি শাসকীয় মিত্ৰজোঁটৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰে।সূত্ৰয়ে জনোৱা মতে,কাইলৈ বিজেপিৰ ৯জন,জে.ডি.ইউ.ৰ ১০জন,চিৰাগ পাছৱানৰ এল.জে.পি.(ৰাম বিলাস),জিতন ৰাম মাঞ্জীৰ হিন্দুস্তানী আৱামী মৰ্চা,উপেন্দ্ৰ কুশৱাহাৰ ৰাষ্ট্ৰীয় লোক মৰ্চাৰ এজনকৈ বিধায়কে কাইলৈ শপত গ্ৰহণ কৰিব।
জে.ডি.ইউ.য়ে মন্ত্ৰীত্বৰ জাতিগত সমীকৰণৰ ভাৰসাম্য ৰক্ষা কৰিছে,চাৰিটা দলিত আৰু মুছলমান,যাদৱ,ইবিচি,ৰাজপুত আৰু ভূমিহাৰৰ প্ৰতিনিধিত্ব আছে।বিজেপিয়ে ইবিচিৰ দুজন,ব্ৰাহ্মণ আৰু ৰাজপুতৰ এজনকৈ নেতাক স্থান দি জাতিগত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে।ইয়াত কায়স্থ আৰু বৈশ্য গোটকো ঠাই দিয়া হৈছে।