জনজাতিকৰণৰ দাবীত বঙাইগাঁৱৰ কোঁচ ৰাজবংশী লোকৰ বিশেষ গণ সমাৱেশ

Share

কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিশাল সমাৱেশত অংশগ্ৰহণ হাজাৰ হাজাৰ লোকৰ । অসমৰ ছয় জনগোষ্ঠীয়ে শেহতীয়াকৈ জনজাতিকৰণৰ দাবীত গোটেই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্য়সূচী গ্ৰহণ কৰিছে।টাই-আহোম, চুতীয়া, চাহ জনগোষ্ঠী, মৰাণ আৰু মটক জনগোষ্ঠীয়ে ইতিমধ্যে উজনি অসমত বিশাল প্ৰতিবাদেৰে ৰাজপথ কঁপাইছে । তাৰ মাজতে কোচ ৰাজবংশীসকলেও প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, প্ৰাক্তন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন, সদৌ কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী মহিলা পৰিষদ, কোচ ৰাজবংশী জাতীয় পৰিষদকে আদি কৰি প্ৰায় ১৩ টা সংগঠনৰ একত্ৰিত আহ্বানত দেওবাৰে এক বৃহৎ প্ৰতিবাদী গণ সমাৱেশ অনুষ্ঠিত হয় ।

২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী তথা পৃথক কমতাপুৰ ৰাজ্য, কে এল অ শান্তি চুক্তিকে আদি কৰি কেবাদফীয়া দাবী তুলি চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনকেইটাই। এই প্ৰতিবাদী গণ সমাৱেশত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী তথা পৃথক কমতাপুৰ ৰাজ্য, কে এল অ’ শান্তি চুক্তিকে আদি কৰি কেইবাদফীয়া দাবী উত্থাপন কৰি চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনকেইটাই । এই প্ৰতিবাদী গণ সমাৱেশত অসম, পশ্চিমবংগৰ উপৰিও বিহাৰ আদি ৰাজ্যৰ প্ৰায় ৫০ হাজাৰ কোচ ৰাজবংশী লোকে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত বছৰৰ পিছত বছৰ ধৰি প্ৰতিবাদ কৰি অহাৰ পিছতো আজিলৈকে তেওঁলোকৰ দাবীক কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল । ফলশ্ৰুতিত নিজৰ প্ৰাপ্যৰ দাবীত কেবল আন্দোলন কৰাৰ বাহিৰে কোনো পথ নথকাত ২০২৬ নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ নকৰিলে ইয়াৰ পৰিণাম ভূগিব লাগিব বুলিও সকিয়াই দিয়ে সংগঠনৰ নেতাসকলে । প্ৰখৰ ৰ’দকো নেওচি সহস্ৰাধিক প্ৰতিবাদী জনতাই চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ।

প্ৰতিবাদত অংশ লৈ উল্লেখ্য যে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত বছৰৰ পিছত বছৰ ধৰি প্ৰতিবাদ কৰি অহাৰ পিছতো আজিলৈকে তেওঁলোকৰ দাবীক কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল । সেয়ে পৃথক কমতাপুৰৰ দাবীৰ কঁপি উঠিল বঙাইগাওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *