অসম বিধানসভাৰ আগন্তুক অধিৱেশনত বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯ নৱেম্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত বিধানসভাত এই বিধেয়ক খন উত্থাপন কৰাৰ বাবে অনুমোদন জনোৱা হয়। দিছপুৰ লোকসেৱা ভৱনত সবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
৯ নৱেম্বৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠকৰ পিছতেই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহৰ কথা অৱগত কৰে। The Assam Prohibition of Polygamy Bill, 2025, অৰ্থাত অসম বহু বিবাহ নিবাৰন বিধেয়ক,২০২৫, এই বিধেয়ক খন নৱেম্বৰ মাহৰ অসম বিধানসভা অধিৱোশনত উত্থাপন কৰা হ’ব। এই বিধেয়ক খন আইনত পৰিণত হ’লে প্ৰথম বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহ কৰালে ৭ বছৰ সশ্ৰম কাৰাদণ্ড দিয়া হ’ব। কাজি,পুৰোহিত বা অভিভাৱকসহ বহু বিবাহত উৎসাহ যোগাওঁতাক ২ বছৰলৈকে শাস্তি বিধান আছে। পূৰ্বৱৰ্তী বিবাহৰ তথ্য গোপন কৰাৰ ক্ষেত্ৰতো ১০বছৰ কাৰাদণ্ডৰ কথা উল্লেখ আছে এই বিধেয়কত।
মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “বিধেয়কখনত এই অপৰাধ কৰা সকলে লগে লগে জামিন নোপোৱাৰ ব্যৱস্থা কৰা হৈছে। অনহাতে বহুবিবাহৰ ভোক্তভোগী হোৱা মহিলাক ক্ষতিপূৰণ দিয়াৰ বাবে এটা ফাণ্ডৰ ব্যৱস্হা কৰা হৈছে। চৰকাৰৰ পৰা বহু বিবাহৰ ভোক্তভোগী হোৱা মহিলাক ক্ষতিপূৰণ দিয়া হ’ব। বিধেয়কখন ২৫ নৱেম্বৰত অসম বিধানসভা অধিৱেশনত উত্থাপন কৰা হ’ব। ৰাজ্যৰ জনজাতি লোকসকল এই বিধেয়কৰ আওতাত নপৰিব। সেইদৰে ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই বিধেয়কখন বৰ্তমান প্ৰযোজ্য নহ’ব।”