দুদিনীয়া ভ্ৰমণ সূচীৰে ৭ আৰু ৮ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন উপস্থিত হয় অসমত। ৭ নৱেম্বৰত গুৱাহাটীত উপস্থিত হৈ উজান বজাৰস্হিত সতী ৰাধীকা উদ্যান মুকলি কৰে।৩২৭ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উদ্যানখন। অনুষ্ঠানত উপস্থিত থাকে অসমৰৰ্মা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিত্তমন্ত্ৰী অজন্তা নেওঁগ লগতে আন আন নেতৃবৃন্দ।অত্যাধুনক কৌশলেৰে নিৰ্মিত উদ্যানখনত শিশু, কিশোৰৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈ হৈ পৰিছে মনোৰঞ্জনৰ উৎস।উদ্যান মুকলিৰ পিছতে মন্ত্ৰীগৰাকী বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নেতা কৰ্মীৰে সৈত মত বিনিময় কৰে।বিগত ১০ বছৰত অসমত ব্যাপক পৰিৱৰ্তন আহিছে। আন্ত:গাঁথনি উন্নয়নৰ বাবে অসম তথা উত্তৰ-পূৱক পৰ্যাপ্ত পৰিমাণে ধন আৱন্টন দিছে কেন্দ্ৰীয় চৰকাৰে বুলি মন্তব্যত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
৮ নৱেম্বৰৰ দিনা বিশ্বনাথ জিলাৰ ভোলাগুৰিত প্ৰস্তাৱিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিত্তমন্ত্ৰী অজন্তা নেওঁগ,শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে আন বহু মন্ত্ৰী বিধায়ক। বিশ্ববিদ্যালয়খন ৭৩৮ বিঘা ভূমিত ৫০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হয়।