২৫ বছৰীয়া হ’ল ভাৰতীয় ক্ৰিকেটাৰ

Share

ভাৰতীয় ক্ৰিকেট দলত অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ হিচাপে বিখ্যাত ৰিয়ান পৰাগ বেটিং অল ৰাউণ্ডাৰ,যিয়ে মিডল অৰ্ডাৰত সোঁহাতেৰে বেটিং কৰে আৰু ৰাইট আৰ্ম লেগ স্পিন আৰু অফ স্পিন দুয়োটাতে বলিং কৰে।ৰিয়ান পৰাগে ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়াৰ প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেলে।কনিষ্ঠ ক্ৰিকেটাৰ ৰিয়ানে ১৪ বছৰ বয়সৰ পৰাই খেলজগতত জড়িত হৈ পৰিছিল।২০১৭ চনত খেলুৱৈ গৰাকীয়ে ২০১৬-১৭ বৰ্ষৰ আন্তঃৰাজ্যিক টুৱেণ্টি টুৰ্ণামেণ্টত অসমৰ হৈ টুৱেণ্টি -২০ত আত্মপ্ৰকাশ কৰে।২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৰিয়ানে অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে।২০২২-২৩ বৰ্ষৰ ঘৰুৱা ছিজনৰ বাবে লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটাৰে তেওঁক বি চি চি আইয়ে সন্মানিত কৰে।ছিনিয়ৰ পুৰুষ দলৰ অধিনায়ক ৰোহিত শৰ্মাই এই বঁটা প্ৰদান কৰিছিল।

২০০১ চনৰ ১০ নৱেম্বৰত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ আজি জন্মদিন।২৫ বছৰত ভৰি দিয়া ৰিয়ান পৰাগে খেলৰ জগতখনলৈ বহু অৱদান আগবঢ়াইছে।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত ৰিয়ান পৰাগক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে- “অসম ভূমিৰ পৰা গৈ নিজৰ অধ্যৱসায় আৰু সাধনাৰে ভাৰতৰ নীলা জাৰ্ছিৰ ক্ৰিকেট দলত স্থান লাভ কৰি আমাক গৌৰৱান্বিত কৰিছে ৰিয়ানে।বেটিং-বলিং-ফিল্ডিং সকলো দিশতে নিজৰ অসাধাৰণ প্ৰতিভা দেখুওৱা যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ জন্মদিনৰ অযুত শুভকামনা জ্ঞাপন কৰিলোঁ।অনাগত সময়ত নিজৰ দক্ষতাৰে ভাৰত মাতৃৰ নাম গৌৰৱেৰে উজ্জ্বলাই তোলক মৰমৰ ৰিয়ানে।মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত তেওঁৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি আশিস বিচাৰিলোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *