সোণাপুৰত বৃহৎ চৰকাৰী ভূমি কেলেংকাৰীতঃমন্ত্ৰী অশোক সিংঘাল

Share

সোণাপুৰৰ জুবিনক্ষেত্ৰৰ কাষতে লাগি থকা ২৯ বিঘা চৰকাৰী ভূমি দখলৰ অভিযোগ মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে ।বৰ্তমান সময়ত এই ভূমি দখলৰ কেলেংকাৰীক লৈ ৰাজ্যৰ ৰাজনীতি ক্ৰমাত অধিক উত্তাল হৈ পৰিছে। ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে প্ৰথমবাৰলৈ জুবিন ক্ষেত্ৰৰ কাষৰ বৃহৎ পৰিমানৰ নন কেডেষ্ট্ৰেল ভূমি বিজেপি মন্ত্ৰী অশোক সিংঘালে নিজৰ কোম্পানী প্ৰটেক বিল্ডকন প্ৰাইভেট লিমিটেডৰ সঞ্চালক মনোজ কুমাৰ জালানৰ নামত নামজাৰি কৰা বুলি অভিযোগ কৰাৰ পাছতেই অশোক সিংঘালৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী নেতাসকল ।

বিৰোধীৰ আক্ৰমণৰ লগতে ৰাইজৰ প্ৰশ্নত অশোক সিংঘাল হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হৈ পৰিছে। তেওঁ কৈছে ১০ বিঘা ভূমি জুবিন ক্ষেত্ৰৰ বাবদ দিয়া হৈছে, জুবিন ক্ষেত্ৰৰ সোঁৱে- বাঁৱে কাৰ মাটি আছে খবৰ লোৱাৰ প্ৰয়োজন নাই বুলি দায়সৰাৰ চেষ্টা কৰিছে।

মুখ্যমন্ত্ৰী বক্তব্যৰ পাছতেই মন্ত্ৰী অশোক সিংঘালৰ ভূমি দখলক লৈ সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। আনফালে মুখ্যমন্ত্ৰী মন্তব্যত উৎসাহিত হৈ মন্ত্ৰী অশোক সিংঘালে বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াক উভতি ধৰাৰ লগতে ঢেকীয়াজুলিৰ এখন ৰাজহুৱা সভাত মুকলি প্ৰত্যাহ্বান জনায় যে মাটি দখলৰ প্ৰমাণ দিব পাৰিলে ৰাজনীতি ত্যাগ কৰি হিমালয়ত গৈ সন্ন্যাস ল’ব। লগতে প্ৰমাণ দিব নোৱাৰিলে দেৱব্ৰত শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ কয়।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সামাজিক মাধ্যমত পোষ্ট দি অশোক সিংঘালৰ কোম্পানী প্ৰটেক্ট বিল্ডকন প্ৰাইভেট লিমিটেডৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চাৰ্টাৰ্ড একাউন্টেন্টে দিয়া অডিট ৰিপ’ৰ্টৰ কেইবাটাও পৃষ্ঠা ৰাজহুৱা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *