জুবিনময় হৈ পৰিল নলবাৰী ৰাসমহোৎসৱ

Share

৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ । দ্বিতীয় দিনা অৰ্থাত ৬ নৱেম্বৰৰ দিনাৰ কাৰ্যসূচীত প্ৰায় ১০ হাজাৰ যুৱক-যুৱতীয়ে একেলগে পৰিৱেশন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত। তাৰোপৰি জুবিনৰ প্ৰায় একুৰি গীত পৰিৱেশন কৰে স্হানীয় লোকসকলে। মন্ত্ৰী আমোলা চৰকাৰী কৰ্মচাৰীকে আদি কৰি সাধাৰণ ৰাইজলৈ সকলোৱে একেমুখে পৰিৱেশন কৰে মায়াবিনী। নলবাৰী সমষ্টিৰ বিধায়ক লগতে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়েও একেখন মঞ্চতে পৰিৱেশন কৰিলে মায়াবিনী। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। বিশিষ্ট শিল্পী দিগন্ত ভাৰতীৰ তত্বাৱধানত আয়োজন কৰা হয় অনুষ্ঠানটোৰ ।অনুষ্ঠানৰ আৰম্ভণিতে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষণত কয় যে নলবাৰী ৰাইজে জুবিনক অমৰ কৰি ৰখাৰ বাবা যি কৰিব লাগে সদায় কৰি যাব।শিল্পী গৰাকীৰ স্মৃতিত এখন নগৰীয়া বন উদ্যান,জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু জুবিনৰ সকলো গীতৰ এটা সংগ্ৰহালয় স্হাপনৰ কথাও ভাষণত উল্লেখ কৰে। অনুষ্ঠানত বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়েও তেওঁৰ ভাষণত এজন ভাল বন্ধু হেৰুৱাই মনত বহুত আঘাত পোৱা বুলি উল্লেখ কৰে। জুবিনৰ স্মৃতিত কোকৰাঝাৰত এটা প্ৰতিমূৰ্তি সজাৰ কথাও উল্লেখ কৰে। ৰাস মহোৎসৱ অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিসহ এখন ৫২ ফুট উচ্চতাৰ গীতাৰ আৰু গীতাৰৰ ওপৰত এটা টুপী নিৰ্মাণ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা দেখা পোৱা গ’ল।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *