CID ৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰচেম মিট্টাল

Share

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে SIT য়ে।ভিন্ন ব্যক্তিক SIT য়ে তলৱলৈ আনিছে।SIT ৰ তদন্তত ইটোৰ পিছত সিটো জঘন্য ঘটনা পোহৰলৈ আহিছে।আজি CID ৰ কাৰ্যালয়ত উপস্হিত  হৈছে পূৰ্বৰ জুবিন গাৰ্গৰ মেনেজাৰ টাৰচেম মিট্টাল।কালিৰ দিনটোত SIT ৰ তদন্তত জি এম চি এইচৰ এজন ৱাৰ্ড বয় দীপু কৰ্মকাৰে কৈছিল যে জুবিনে ৰোগীক চিকিৎসাৰ বাবে দিয়া ধনৰ কমিছন লৈছিল সিদ্ধাৰ্থ শৰ্মাই। প্ৰায় ৩০শতাংশ কৈ ৰোগীৰ পৰা কমিছন কাটিছিল সিদ্ধাৰ্থই এই সন্দৰ্ভত পুনৰ তলৱলৈ আনিব দিপু কৰ্মকাৰক SIT য়ে । ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনৰ পৰা মেনেজাৰ সিদ্ধাৰ্থক লৈ বিভিন্ন বিত্তীয় লেনদেনৰ অভিযোগ আহিছিল।আজিৰ দিনটোত জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰচেম মিট্টালক CID ৰ তলৱলৈ অনা হৈছে। তদন্তত জুবিন গাৰ্গৰ সৈতে কি পৰিস্হিতিত সিদ্ধাৰ্থ চিনাকী হৈছিল, কেনেদৰে সিদ্ধাৰ্থই মেনেজাৰৰ স্হান পাইছিল এনে কিছু  সন্দৰ্ভত বিস্তৃত তথ্য লব SITয়ে।তাৰ লগতে আজিৰ দিনটোত CID ৰ কাৰ্যালয়ত জুবিন ফেন ক্লাৱৰ সম্পাদক পিকু বৰগোঁহাই, প্ৰযোজক শ্যামন্ত গৌতম উপস্হিত হয়।যিহেতু পিকু বৰগোঁহাইয়ে শ্বেখৰ গোস্বামীৰ ভিন্ন হোৱাটচেপৰ মেচেজ প্ৰকাশ কৰিছিল আৰু এই সমূহৰ ভিত্তিতেই তদন্ত কৰাৰ  সম্ভাৱনা । শুধা পোছাৰ অন্তত বহুতো তথ্য পোহৰলৈ অহা সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *