সমগ্ৰ ৰাজ্যজুৰি ৫ নবেম্বৰ তাৰিখে সুধাকণ্ঠ ড০ ভূপেন হাজাৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হ’ল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ জিলা খেলাপথাৰ প্ৰাংগণতো অনুষ্ঠিত কৰা হৈছিল সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকী। “অসম আমাৰ ৰূপহী” সমবেত সংগীতেৰে অনুস্থানৰ আৰম্ভণী হয়। এই অনুস্থানত কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সুধাকণ্ঠ ড০ ভূপেন হাজাৰিকাদেৱক সুঁৱৰি সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰিলে তেওঁৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’। হাতে হাত ধৰি মন্ত্ৰী অতুল বৰা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আদি সকলোৱে পৰিৱেশন কৰিলে গীতটি। এই অনুস্থানত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই সুধাকণ্ঠৰ কৰ্মৰ লগতে তেওঁৰ সৃষ্টিৰাজিক স্মৰণ কৰে। সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী দিনটোতে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এক বিশেষ পদক্ষেপৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। সুধাকণ্ঠ ড০ ভূপেন হাজাৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমস্ত গীত ইংৰাজী আৰু হিন্দী ভাষালৈ অনুবাদ কৰিব অসম সাহিত্য সভাই। ২০২৭ চনৰ ভিতৰত এই অনুবাদ ৰাইজৰ হাতত অৰ্পণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সভাপতিগৰাকীয়ে।
তেওঁ কয়, “জুবিন গাৰ্গেই হওঁক বা ভূপেন হাজৰিকাই হওঁক, দুয়োজনৰে লক্ষ্য আছিল যে সাংস্কৃতিক যিটো দিশ, সেইটো উৰ্ধমুখী নহ’লে মানৱ জীৱনৰ মাজত সামাজিক সমতা কেতিয়াও আহিব নোৱাৰে। বিশ্বক পোহৰ দিব পৰাটোৱে হৈছে শিল্পীৰ মূল লক্ষ্য। জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ লগতে অতীতৰ শিল্পীসকলক শ্ৰদ্ধা কৰাৰ যি মনোভাৱ গঢ় লৈ উঠিছে সি অসমৰ জাতিৰ বাবে অতি ইতিবাচক দিশ বুলি অনুভৱ কৰিছো।”
তেওঁ লগতে কয় যে, “ড০ ভূপেন হাজৰিকাৰ সকলো গীত অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিছোঁ । ভূপেন্দ্ৰ সংগীতখিনি আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াক আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। কেৱল ইংৰাজীয়ে নহয়, হিন্দীলৈও অনুবাদ কৰিব লাগিব। আমি জুবিন গাৰ্গেই হওঁক বা ভূপেন হাজৰিকাই হওঁক অমৰ শিল্পীসকলৰ ৰচনা ইংৰাজী ভাষালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিম। ২০২৭ চনৰ ভিতৰত ভূপেন হাজৰিকাৰ ৰচনাৱলীৰ হিন্দী আৰু ইংৰাজী অনুবাদ পঢ়িবলৈ পাব। জুবিন গাৰ্গৰ ৰচনাৱলী হিন্দী- ইংৰাজী আৰু অসমীয়াত আপোনালোকে ২০২৭ চনৰ ভিতৰত পঢ়িবলৈ পাব। কবিতা-গীত অনুবাদ কৰাতো আটাইতকৈ টান কাম। Source Language আৰু Target Language টো সম্পূৰ্ণ নকল নহ’লে অনুবাদটো অননুবাদ্য হৈ পৰে।”