সংগীতক্ষেত্ৰৰ দৰেই ৰাজনীতিতো জয়ী হ’বনে মৈথিলী

Share

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া চলি আছে।মুঠ ২৪৩ খন আসনৰ ভিতৰত আজি  ১২১ খন আসনৰ ১৮খন জিলাত ১৩১৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।ৰাতিপুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হৈছে আৰু শেষ হ’ব সন্ধিয়া ৫ বজাত।মুঠ ভোটাৰৰ সংখ্যা ৩.৭৫ কোটি।দুপৰীয়া ১বজালৈ ভোটদানৰ শতাংশ  ৪২.৩১%।

ৰাজনীতিৰ পটভূমিত খোজ দিয়া সু-গায়িকা মৈথিলী ঠাকুৰে বিজেপি দলৰ পৰা আজি বিহাৰৰ আলিনগৰ সমষ্টিত RJD ৰ প্ৰাৰ্থী বিনোদ মিশ্ৰাৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।আলিনগৰ সমষ্টিৰ ৰাইজে কাক নিৰ্বাচিত কৰিছে পৰৱৰ্তী বিধায়কৰূপে তাৰ ফলাফল প্ৰকাশ পাব ১৪ নবেম্বৰত।মৈথিলীৰ সন্মুখত প্ৰত্যাহবানৰূপে আছে নেকি বিনোদ মিশ্ৰা?RJD ৰ এজন জেষ্ঠ নেতা তথা পূৰ্বেও আলিনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিনাদ মিশ্ৰাক উফৰাই জয়ী হ’ব পাৰিবনে মৈথিলী ঠাকুৰ? 

বিহাৰৰ মধুবনীৰ ২৫বছৰীয়া মৈথিলী ঠাকুৰ সৰুৰ পৰায়ে সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।জনপ্ৰিয় ৰিয়েলিটি শ্ব’ Little Champs,Indian Idol Jr,Rising star ত অংশগ্ৰহণ কৰি সংগীত জগতত জনপ্ৰিয়তা অৰ্জন কৰা মৈথিলী ঠাকুৰে ”I Genius Young Singing Star” নামৰ অনুষ্ঠানটোত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিছিল।তাৰ পাছৰ পৰায়ে আৰম্ভ হৈছিল মৈথিলীৰ সংগীত জগতৰ যাত্ৰা।মৈথিলীয়ে ইউটিউব চেনেল খুলি আৰম্ভ কৰিছিল সংগীতৰ নতুন যাত্ৰা।মৈথিলীয়ে এটাৰ পাছত আন এটা গীত গাই সংগীতপ্ৰেমীৰ মন মুহিবলৈ সক্ষম হৈছিল।ধাৰাবাহিকভাৱে গীত গাই মৈথিলীয়ে ক্ৰমে জনপ্ৰিয়তাৰ জখলাত বগাব ধৰিছিল।মৈথিলীৰ ভিডিঅ’ সমূহ চাইছিল লাখ লাখ দৰ্শকে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৮ মাৰ্চত উদ্বোধনী ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাত মৈথিলী ঠাকুৰক বছৰৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত বঁটা প্ৰদান কৰে।

২০২৫ চনত কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল যে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৈথিলী ঠাকুৰে ৰাজনীতিত প্ৰৱেশ কৰা কথা চিন্তা কৰিছে।তাৰ পাছতেই এই কথা পোহৰলৈ আহে যে মৈথিলী ঠাকুৰে ২০২৫ চনৰ ১৪ অক্টোবৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে আৰু আলিনগৰ বিধানসভা সমষ্টিৰ পৰা টিকট লাভ কৰে।

আলিনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা মৈথিলী ঠাকুৰক লৈ কিমান আশাবাদী বিজেপি?এগৰাকী যুৱ নেত্ৰী তথা গায়িকাক টিকট দিয়াৰ আঁৰত কি অভিসন্ধি লুকাই আছে বিজেপিৰ?জয়ী হ’বলৈ কি ৰণনীতি অৱলম্বন কৰিছে মৈথিলীয়ে?জয়ী হলে কি হ’ব মৈথিলীৰ পৰৱৰ্তী ৰণকৌশল তথা ৰাজনীতিৰ যাত্ৰা?

আজি পুৱাৰ পৰা মৈথিলী ঠাকুৰ আলিনগৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈ ৰাইজৰ পৰা আশীষ লোৱা পৰিলক্ষিত হৈছে।মৈথিলী ঠাকুৰৰ নেতৃত্বত বিহাৰত আগন্তুক দিশত কেনেধৰণৰ বিকাশ হয় আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰে সেইয়া সময়ত হ’ব লক্ষনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *