দেশবাসী পুনৰ সাক্ষী হৈ ৰ’ল এটি সোণালী দিনৰ।২০২৫ বৰ্ষৰ ২ নৱেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে ‘এদিনীয়া মহিলা বিশ্বকাপ ২০২৫’ ৰ খিতাপ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে ভাৰতবৰ্ষলৈ।২ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলখনত ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক ৫ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফি লাভ কৰে।সেই বিশ্বকাপত হৰমনপ্ৰীত কৌৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে আই চি চি এদিনীয়া মহিলা বিশ্বকাপ দখল কৰে।ফাইনেল খেলখনত অলৰাউণ্ড হিচাপে নিজৰ পাৰদৰ্শিতা প্ৰৰ্দশন কৰি শ্ৰেষ্ঠ বিবেচিত হয় শ্বেফালী মেচৰ। আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে দীপ্তি শৰ্মাই। দলটোৰ বিজয়ত সকলো দেশবাসীয়ে অভিনন্দন জনাইছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়ী হোৱা ক্ৰিকেট দলটোক অভিনন্দন জনোৱাৰ লগতে সামাজিক মাধ্যমত দলটোক প্ৰশংসা কৰে । ৫ নৱেম্বৰত দলটোৱে মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।অধিনায়ক হৰমনপ্ৰীত কৌৰে ২০১৭ চনত প্ৰধানমন্ত্ৰীক লগ পোৱাৰ কথা স্মৰণ কৰি সুখী অনুভৱ কৰে।সহ-অধিনায়ক স্মৃতি মান্ধানাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰেৰণা যোগাই আহিছে বুলি উল্লেখ কৰে।প্ৰধানমন্ত্ৰীৰ গৃহত মুম্বাইক প্ৰতিনিধিত্ব কৰা মুখ্য প্ৰশিক্ষক আমোল মজুমদাৰ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি মিথুন মানহাছো উপস্থিত থাকে।