চত্তিশগড় প্ৰতিষ্ঠা দিৱস উপলক্ষ্য়ে ৰাজ্যখনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Share

ৰাজ্য়ৰ ২৫ বৰ্ষীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষ্য় চত্তিশগড়ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী। চত্তিশগড় ৰাজ্য় হিচাপে প্ৰতিষ্ঠা হোৱা ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অংশগ্ৰহনৰ বাবে ৰাজ্যখনলৈ যাব। ভ্ৰমনকালত প্ৰধানমন্ত্ৰীয়ে ১৪ হাজাৰ ২৬০ কোটি টকা ব্য়য় সাপেক্ষে বহু উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশ ল’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে নৰ ৰায়পুৰ অটল নগৰত শ্ৰীসত্য় সাই সঞ্জীৱনী হাস্পাতালত গিফ্ট অফ লাইফ কাৰ্যসূচীৰ অধীনত সফলভাবে চিকিৎসা সম্পূৰ্ণ হোৱা জন্মগতভাবে হৃদ ৰোগত আক্ৰান্ত প্ৰায় ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ শান্তি শিখৰ শীৰ্ষক ব্ৰক্ষ্মকুমাৰীৰ এটা আধ্য়াত্মিক শিক্ষা, শান্তি আৰু ধ্য়ান কেন্দ্ৰ মুকলি কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে আজি  নৰ ৰায়পুৰ অটল নগৰত  চত্তিশগড় বিধানসভাৰ নব নিৰ্মিত ভৱনত সম্নানিত প্ৰাক্তন  প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্নোচন কৰিব। তেওঁ লগতে এই নতুন বিধানসভা ভৱনটো উদ্বোধন কৰিব আৰু জনসাধাৰণক উদ্দেশ্য়ে ভাষণ দিব । সেউজ ভৱন ধাৰণাৰে নিৰ্মাণ কৰা ভৱন সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ইয়াত বৰষুণৰ পানী সংৰক্ষণ কৰিব পৰা ব্য়ৱস্থা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *