জুবিন গাৰ্গৰ আদৰ্শৰে আগবাঢ়িছে ‘হাউচফুল টকিচ’ৰ স্বত্বাধিকাৰী

Share

অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত এতিয়াও শোকস্তব্ধ ৰাজ্যবাসী। প্ৰাণৰ শিল্পী গৰাকীক হেৰুৱাই আজিও স্বাভাৱিক হ’ব পৰা নাই সমগ্ৰ অসম। এতিয়া সকলোতে কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ প্ৰতিবাদ। অসমৰ লগতে এতিয়া বিশ্বৰ ভিন্ন প্ৰন্তৰ পৰা ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্নজনে।

এই প্ৰতিবাদৰ মাজতে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ এতিয়া সম্পূৰ্ণ হৈ উঠিছে। শুক্ৰবাৰে ছবিগৃহলৈ আহিবলগীয়া প্ৰাণৰ শিল্পী গৰাকীৰ অন্তিমখন বোলছবিৰ বাবে ৰাজ্যৰ সকলো ছবিগৃহতে এতিয়া ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। মৰাণৰ একমাত্ৰ ছবিগৃহ ‘হাউচফুল টকিচ’ত ছবিখনৰ শুভমুক্তিকলৈ ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ছবিগৃহৰ স্বত্বাধিকাৰীৰ লগতে মৰাণ শিল্পী সমাজে। ছবিগৃহটোত পুৱা ৭ বজাৰ পৰা প্ৰতিদিনে ছয়টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। মৰাণ জনমংগল আদৰ্শ অন্ধ বিশ্ববিদ্যালয়ৰ চল্লিশ গৰাকী ছত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বোলছবিখন উপভোগ কৰাৰ ব্যৱস্থা কৰিছে হাউচফুল টকিচৰ স্বত্বাধিকাৰী দেউকিনন্দন আগৰৱালাই। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে, শুভমুক্তিৰ দিনটোৰ পৰাই ছবিগৃহত এখন ছকি খালি থাকিব আৰু জ্বলি থাকিব এগছি অক্ষয়বন্তি। প্ৰাণৰ শিল্পী গৰাকীৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ লাভৰ অংশৰে মৰাণ অঞ্চলৰ এগৰাকী দৰিদ্ৰ কৰ্কট ৰোগীৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব বুলিও জনালে ছবিগৃহটোৰ স্বস্তাধিকাৰীয়ে।

‘ৰৈ ৰৈ বিনালে’ প্ৰদৰ্শনৰ সময়ত অসমৰ সকলো ছবিগৃহতে জুবিন অনুৰাগী সকলক শান্তিপূৰ্ণভাৱে অৰু শৃঙ্খলাবদ্ধভাৱে ছবিখন উপভোগ কৰি জুবিনদাৰ প্ৰতি মৰম-শ্ৰদ্ধা যাচিবলৈ আহ্বান জনাই জনপ্ৰিয় কন্ঠশিল্পী কুসুম কৈলাশে। ছবিখনৰ শুভাৰম্ভণি পূৰ্বে মৰাণৰ শিল্পী সকলে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন কৰি মায়াবিনী পৰিৱেশনৰ সিদ্ধান্তও গ্ৰহণ কৰিছ।

Leave a Reply

Your email address will not be published. Required fields are marked *