ঘূৰ্ণীবতাহৰ প্ৰভাৱত উপকূলীয় আৰু দক্ষিণ ওড়িশাত বিস্তৰ ক্ষতি।কালৰূপী ঘূৰ্ণীবতাহ আৰু প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন হোৱাৰ লগতে বহুতো বাসগৃহৰ ক্ষতিসাধন হয়। ওড়িশাৰ ১৫ খন জিলাত বিস্তৰ ক্ষতি হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহৰ সৰ্বোচ্চ গতিবেগ ঘন্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বুলি জানিবলৈ দিয়ে।
অন্ধ্ৰপ্ৰদেশৰ কনাচিমা জিলাত প্ৰচণ্ড বতাহ আৰু বৰষুণৰ মাজতে গছৰ ডাল পৰি এগৰাকী ৫০ বছৰীয়া মহিলাৰ মৃত্যু হয়।
তীব্ৰ ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱত নেল্লোৰ জিলাত সৰ্বাধিক বৰষুণ হয়।লগতে কাকিনাডাৰ আশে-পাশে মাচিলিপট্টনম আৰু কলিংগপট্টনমত তিনি-চাৰি ঘন্টা ধৰি হৈ থাকে ভূমিস্খলন।