২৬-২৮ অক্টোবৰলৈ মালোয়েচিয়াত অনুষ্ঠিত হ’ব আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন। এই সভাত ভাৰ্চুৱেলী অংশ ল’ব বুলি ২৩ অক্টোবৰৰ দিনা জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে। মালোয়েচিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক টেলিফোনযোগে এই কথা জনাই প্ৰধানমন্ত্ৰী মোডীয়ে। ২৬-২৮ অক্টোবৰলৈ আছিয়ানৰ বৈঠক অনুষ্ঠিত হ’ব। মালয়েছিয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগতে আছিয়ানৰ অন্তৰ্গত আলোচনাৰ অংশীদাৰ কেইবাখনো দেশৰ নেতাক আমন্ত্ৰণ জনাইছে। ২৬ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে কুৱালালামপুৰলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে ট্ৰাম্প।
ইফালে সামাজিক মাধ্যমত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে “মোৰ প্ৰিয় বন্ধু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে কথা-বতৰা পাতিলোঁ। মালয়েছিয়াৰ আছিয়ানৰ অধ্যক্ষ পদৰ বাবে তেওঁক অভিনন্দন জনালোঁ আৰু আগন্তুক শীৰ্ষ সন্মিলনৰ সফলতাৰ বাবে শুভেচ্ছা জনালোঁ।”
মোদীয়ে লগতে কয়, ‘‘আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত ভাৰ্চুৱেলী যোগদান কৰিবলৈ আগ্ৰহী আৰু আছিয়ান-ভাৰত ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক দৃঢ় কৰাৰ বাবে আগ্ৰহী।’’
তাৰ পাছতে বিষয়টোক লৈ কঠোৰ সমালোচনা কংগ্ৰেছৰ। কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে প্ৰধানমন্ত্ৰী মোডী আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনলৈ যাব নোৱাৰা মূল কাৰণে হ’ল তেওঁ ট্টাম্পৰ চকুত ধৰা দিব নোৱাৰে।