পুনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কপিল শৰ্মাৰ নিজস্ব কেফে “কেপচ কেফে”।কানাডাত থকা কপিলৰ কেফেত পুনৰ সংঘটিত হল গুলীচালনাৰ ঘটনা। বিগত চাৰিমাহৰ ভিতৰত এয়া তৃতীয়টো আক্ৰমনৰ ঘটনা। সেই স্হানত পূৰ্বৰে পৰাই আৰক্ষীৰ কটকটীয়া আবেষ্টনী গঢ়ি তুলিছিল যদিও তৎস্বতেও কোনো সন্দেহজনক ব্যক্তিয়ে এই দুৰ্ঘটনা সংঘটিত কৰে।যাৰ বাবে এই ঘটনাৰ ফলত অ়়ঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
কপিল শৰ্মাৰ কানাডাত থকা কেপচ কেফেত প্ৰথমে জুলাই মাহত আৰু দ্বিতীয়বাৰ আগষ্ট মাহত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। দেৱালীৰ পূৰ্বে তৃতীয়বাৰৰ বাবে কপিলৰ কেফেত গুলীচালনা কৰা হৈছে।কপিল শৰ্মাৰ কেফেত পূৰ্বে সংঘটিত গুলীচালনাৰ দ্বায়িত্ব স্বীকাৰ কৰিছিল লৰেন্স বিস্নই গেঙে।এই গেঙটোৱে বলীউদৰ চেলিব্ৰিটিসকলক ভাবুকি দিয়াৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। কপিলৰ কেফেত গুলীচালনাৰ ভিডিঅ’ও ছচিয়েল মিডিয়াত ইতিমধ্যে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’ত একাংশ লোকে গাড়ীৰ ভিতৰৰ পৰা কেফেখনলৈ গুলীচালনা কৰা দেখা যায়। গোল্ডী ধিলন আৰু কুলদীপ সিন্ধুৱে এই আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰি পোষ্ট কৰিছে সামাজিক মাধ্যমত।