আফ্ৰিকীয় দেশ কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাইলা ওডিংগাৰৰ বৃহস্পতিবাৰে কেৰেলাৰ কোচিত চিকিৎসাধীন অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।কিছুদিন পূৰ্বে চিকিৎসা জনিত কাৰণত ভাৰতলৈ আহিছিল।কেনিয়াৰ প্ৰথমগৰাকী উপৰাষ্টপতি জাৰামোগী ওডিংগাৰ পুত্ৰ ৰাইলা।প্ৰাত: ভ্ৰমণলৈ যোৱাৰ সময়ত ঢলি পৰা প্ৰধানমন্ত্ৰীগৰাকীক ততাতয়াকৈ দেৱমাথা হাস্পতালত ভৰ্তি কৰোৱা হয় ,তাতেই তেওঁ পূৱা ১০ বজাত মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়।ওডিংগাৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিশ্বৰ বহুকেইগৰাকী নেতাই শোক প্ৰকাশ কৰে আৰু তেওঁক আগশাৰীৰ ৰাজনীতিক বুলি অভিহিত কৰে।আনফালে কেনিয়াৰ ৰাষ্টপতি উইলিয়াম ৰুটোৱে নাইৰোৱিত থকা ওডিংগাৰ বাসভৱনলৈ গৈ শোকত ভাগি পৰা পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে।বিশেষ ৰাজনৈতিক প্ৰভাৱ থকা ওডিংগাই পাচঁবাৰ ৰাষ্টপতি পদৰ বাবে নিৰ্বাচন প্ৰতিদ্বন্বিতা কৰিছিল যদিও এবাৰো জয়ী হোৱা নাছিল। তেওঁ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।