ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত মংগলবাৰে মংগোলীয় ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাৰ আৰু তেওঁৰ প্ৰতিনিধিসকলক আদৰণি জনাই।ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্টানত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত বজোৱা হয়।আদৰণি প্ৰসংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় সাংস্কৃতিক ঐতিহ্য আৰু গণতান্ত্ৰিক মুল্যবোধ হৈছে ভাৰত আৰু মংগোলিয়াৰ মাজৰ সম্পৰ্কৰ মূল ভেটি।বিগত ২৫ বছৰে প্ৰাচীন পাণ্ডুলিপি পুনৰ ছপা কৰাকে ধৰি বৌদ্ধ মঠ পুনৰ্ৰুদ্ধাৰ আৰু বিভিন্ন সাংস্কিতিক প্ৰকল্প হাতত লৈছে ভাৰতে।মংগলবাৰে হোৱা এই সাংস্কিতিক কাৰ্যসূচী সম্পৰ্কীয় বুজাবুজিৰে দুয়োদেশৰ মাজত হোৱা সাংস্কৃতিক আদান প্ৰদানে আৰু অধিক প্ৰসাৰিত কৰিব বুলিও দুইখন দেশৰ প্ৰতিনিধিয়ে আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মংদোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখৰ সৈতে নতুন দিল্লীত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়।মংগোলিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে কেবিনেট মন্ত্ৰী,সাংসদ ,উদ্যোগপতি,জেষ্ঠ বিষয়া সকলৰ লগতে সাংস্কৃতিক প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো ভাৰতলৈ আহিছে।প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখনাৰ।৭০ বছৰতকৈও অধিক দীঘলীয়া যাত্ৰাত মংগোলিয়াৰ সৈতে ভাৰতৰ যি আঞ্চলিক পাৰস্পৰিক সম্পৰ্ক সেইয়া শলাগ লয় ভাৰতৰ ৰাষ্ট্ৰপতি মুৰ্মুৱে ।এই দীঘলীয়া যাত্ৰাই এটা নতুন অধ্যায় সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।