ঘোষণা হ’ল অৰ্থনীতিৰ নোবেল বঁটা ২০২৫

Share

১৭ তাৰিখে ঘোষণা কৰিলে অৰ্থনীতিৰ নোবেল বঁটা ২০২৫। নোবেল বঁটা লাভ কৰিলে জোৱেল মকিৰ , ফিলিপ অঘিয়ন ,পিটাৰ হাউইটে । ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে “ উদ্ভাৱন চালিত অৰ্থনৈতিক বৃদ্ধিৰ ব্যাখ্যা দিয়াৰ বাবে ” তিনিওজনকে প্ৰদান কৰে এই বঁটা। লগতে নোবেল কমিটিয়ে কয় ,মকিৰে “এইটো প্ৰদৰ্শিত কৰিছিল যে উদ্ভাৱনক এক স্ব-উৎপাদক প্ৰক্ৰিয়াত ইটোৱে সিটোক উত্তৰাধিকাৰী বনোৱা হয়, তেন্তে আমি কেৱল এইটো জানিব লাগিব যে কোনো বস্তুৱে কেনেকৈ কাম কৰে, লগতে কিয় কাম কৰে সেই কথাও জানিব লাগিব ।” 

আনহাতে অঘিয়ন আৰু হাউইটেও বহনক্ষম বৃদ্ধিৰ আঁৰৰ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল।অৰ্থনৈতিক বিজ্ঞান বঁটা সমিতিৰ অধ্যক্ষ হাছলাৰে কয় যে বঁটা বিজয়ীসকলৰ কামে প্ৰমাণ কৰে যে অৰ্থনৈতিক বৃদ্ধিক সহজভাৱে ল’ব নোৱাৰি । “আমি সৃষ্টিশীল ধ্বংসৰ মৌলিক ব্যৱস্থাসমূহ বজাই ৰাখিব লাগিব যাতে আমি পুনৰ স্থবিৰতাত নপৰো ।” অৰ্থনীতিৰ নোবেল বঁটাক আনুষ্ঠানিকভাৱে “আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনীতিৰ বেংক অৱ ছুইডেন বঁটা” বুলি জনা যায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *