নেপালৰ জেন-জেড (Gen Z) প্ৰতিবাদে ইতিমধ্যে বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ।১৮ অক্টোবৰ শণিবাৰে জেন জেডৰ এটা গ্ৰুপে ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰে । পিছে অহা বছৰ দলটোৱে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে নাই সেয়া নিশ্চিত হোৱা নাই। ২০২৬ চনৰ ৫ মাৰ্চত নেপালত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব ।উল্লেখ্য যে ‘Gen Z’ৰ নেতৃত্বত দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়া চাইটত চৰকাৰী নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল । ফলত কে পি শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন ভংগ হৈছিল । শেহতীয়া ‘Gen Z’ আন্দোলনৰ অন্যতম নেতা মিৰাজ ধুংগনাৰ নেতৃত্বত এই গ্ৰুপটোৱে সংবাদমেলত নিজৰ ৰণকৌশল উল্লেখ কৰে ।তেওঁলোকে কয় যে যদিও তেওঁলোকে নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰিবলৈ ৰাজনৈতিক দল গঠন কৰাৰ কথা চিন্তা কৰিছে, তথাপিও তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ দাবীসমূহৰ সমাধান নোহোৱালৈকে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ।
মিৰাজ ধুংগনাই প্ৰকাশ কৰা মতে তেওঁৰ গ্ৰুপে সিদ্ধান্ত লৈছে যে ‘Gen Z’ আন্দোলনৰ সৈতে জড়িত যুৱক-যুৱতীসকলক একত্ৰিত কৰিবলৈ ৰাজনৈতিক দল গঠন কৰাটো অতি প্ৰয়োজনীয় । তেওঁলোকৰ কাৰ্যসূচী প্ৰকাশ কৰাৰ সময়তে ধুংগনাই দুৰ্নীতি নিয়ন্ত্ৰণৰ বাবে নাগৰিক নেতৃত্বাধীন তদন্ত সমিতি গঠন আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত স্পষ্ট নীতি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।জাতি গঠনৰ কামত সকলো পক্ষৰ পৰা সামূহিক দায়বদ্ধতা আৰু সহযোগিতাৰ আহ্বান জনাই তেওঁ কয়, “আমি সুশাসন প্ৰসাৰ, স্বচ্ছতা আৰু দুৰ্নীতি নিৰীক্ষণৰ দৰে বিষয়ৰ বাবে যুঁজি যাম । কৰ্মসংস্থাপনৰ সন্ধানত বিদেশলৈ যোৱা নেপালী যুৱক-যুৱতীসকলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে জাতিটোৰ অৰ্থনৈতিক উন্নয়ন স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এনে জৰুৰী সমস্যা সমাধানৰ বাবে বিগত চৰকাৰসমূহ সদায় দায়বদ্ধ । আনহাতে অৰ্থনৈতিক বিষয়ত তেওঁৰ গ্ৰুপৰ স্থিতিৰ বিষয়ে তেওঁ কয় যে ঘৰুৱা উৎপাদন বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ।তেওঁ কয়, “আমাক দুখন অতি জনবহুল চুবুৰীয়া দেশে আৱৰি আছে যাৰ মুঠ জনসংখ্যা ৩ বিলিয়ন, আমি চুবুৰীয়া বজাৰক লক্ষ্য কৰি আমাৰ উৎপাদন বৃদ্ধিৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰাটো প্ৰয়োজন লগতে অনতিপলমে বন্ধ উদ্যোগসমূহ মুকলি কৰি নতুন নিযুক্তি সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অন্তৱৰ্তীকালীন চৰকাৰক তেওঁ আহ্বান জনায় ।