বিগত ২২ ছেপ্টেম্বৰৰ ২০২৫ পৰা ২৬ ছেপ্টেম্বৰ ২০২৫ লৈকে অনুষ্ঠিত হোৱা বিটিচি’ৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ হিচাপে বিজয়ী হয় বি পি এফ দল। যাৰ ফলস্বৰুপে ৩ অক্টোবৰ ২০২৫ তাৰিখে বিটিচি’ত চৰকাৰ গঠন কৰে কৰে হাগ্ৰামা মহিলাৰীয়ে। তাৰ সমান্তৰালভাৱে চৰকাৰ গঠনৰ লগে লগেই আৰম্ভ হৈছে মহিলাৰীৰ এক্সন। শপত গ্ৰহণৰ কিছু দিন পাছতেই হাগ্ৰামা মহিলাৰীৰ অংগীকাৰ যে বিটিচি’ত কোনো ধৰণৰ আঁচনিক লৈ দুৰ্নীতি নচলিব। বিটিচি’ৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে লাভ কৰিব ঘৰ ।
আৰু তাৰ সমান্তৰাল ভাবে উল্লেখ কৰে অন্য বহুতো বিষয়। বিটিচি’ত ইমান দিনে চলি অহা দুৰ্নীতিৰ এতিয়া অন্ত পৰিব আৰু লগতে বি পি এফে শান্তি স্থাপন কৰিব বি টি চি ত। এবচলিউত মেজৰিতি লৈ চৰকাৰ গঠন কৰা বি পি এফে এইবাৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে। লগতে অন্যায় আৰু দুৰ্নীতিৰ মুকলি বিৰোধীতা কৰিছে।
বি পি এফৰ শীৰ্ষ নেতাই উল্লেখ কৰে যে ২২ অক্টোৱৰ তাৰিখৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ প্ৰদানৰ বাবে আৰম্ভ হ’ব চাৰ্ভে। এই আঁচনিৰ জৰীপৰ সময় সীমা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ উপৰিও VCDC, TCLCC, টাউন কমিটি, উন্নয়ন প্ৰাধিকৰণ নতুনকৈ গঠন কৰাৰ কথা প্ৰকাশ কৰে বি পি এফৰ নেতৃত্বই । জনতাই যি আশা লৈ তেখেতক ভোট প্ৰদান কৰিছে সেই আশা পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব হাগ্ৰামা চৰকাৰে, এই মন্তব্য কৰে দেৰহাছাৎ বসুমতাৰীয়ে। দুৰ্নীতি ধৰা পৰাৰ লগে লগেই কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ’ব বি টি চি ত আৰু লগতে বি টি চিৰ সকলো ধৰণৰ চৰকাৰী আঁচনিক ৰাজনীতিকৰণৰ পৰা দূৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি হাগ্ৰামা চৰকাৰৰ।