২০২৫-২৬ বৰ্ষৰ বাবে নিযুত মইনা আঁচনি অনুমোদন ৰাজ্যিক কেবিনেটৰ

Share

বৃহস্পতিবাৰ,১৬ অক্টোবৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম কেবিনেটত।তাৰ ভিতৰত ২০২৫-২০২৬ বৰ্ষৰ নিযুত মইনা আঁচনি অন্যতম।কেবিনেটে ধাৰাবাহিকতা ৰক্ষা কৰি ২০২৫-২৬ বৰ্ষৰ নিযুত মইনা আঁচনিৰ বাবে প্ৰায় ২৫৫কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে।

অসমত মহিলাৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰূপায়ণ কৰিছিল অসম চৰকাৰৰ অভিলাষী “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি”।নাৰী শিক্ষাৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি ২০২৪ৰ আগষ্টৰ ৮ তাৰিখে মুকলি কৰা হৈছিল নিযুত মইনা আঁচনি।

২০২৪ চনৰ ৬অক্টোবৰৰ পৰা ৰাজ্যৰ ১০লাখ ছাত্ৰীক তিনি বছৰত সামৰি লোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল নিযুত মইনা আঁচনি।এই আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে।ডিমা-হাচাও,কলিয়াবৰ,জোনাই,বৰপেটা,হোজাই,গোলাঘাটত ২০২৪ বৰ্ষত চেক প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।

এই আঁচনিৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে ২০২৪বৰ্ষৰ পৰা লাভ কৰি আহিছে মাহে ১০০০ টকাকৈ।স্নাতক মহলাৰ ছাত্ৰীসকলে ১২৫০টকাকৈ,স্নাতকোত্তৰ আৰু বিএডৰ ছাত্ৰীসকলে ২৫০০ লাভ কৰি আহিছে।

বাল্যবিবাহ ৰোধ কৰি নাৰী শিক্ষাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এই যুগান্তকাৰী পদক্ষেপ অতি শলাগ ল’বলগীয়া।২০২৫-২৬ বৰ্ষৰ বাবেও ৰাজ্য চৰকাৰে পুনৰ কোটি টকাৰ অনুমোদন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *