বোমা বিস্ফোৰণ কাকপথাৰত সেনাৰ শিবিৰত আক্ৰমণ এঘণ্টা ধৰি প্ৰচণ্ড গুলীচলনা

Share

তিনিচুকীয়া জিলাৰ কাকপথাৰত মাজৰাতি ভাৰতীয় সেনাৰ ১৯গ্ৰেণেডিয়াৰ লগত ভয়ংকৰ আক্ৰমণ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে  কাকপথাৰত অঞ্চলত  তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে।

স্থানীয় লোকৰ তথ্য অনুসৰি মাজৰাতি প্ৰায় ১২.০০  মান বজাত প্ৰথমে হঠাৎ বোমা বিস্ফোৰণৰ দৰে শব্দ হয়।তাৰ পাছতে ক্ৰমান্বয়ে  বোমা বিস্ফোৰণ শব্দ  হয়।স্থানীয় লোকে জনোৱা মতে প্ৰায় ১ ঘণ্টা ধৰি তেওঁলোকে শ শ গুলীৰ শব্দও শুনিছিল ।স্থানীয় লোকৰ মাজতে  এজন যুৱকে কয়, ৰাতি ১২ তা মান বজাত ৪ তা কৈ বোমা বিস্ফোৰণৰ হয় তাৰ লগতে ৪০০ পৰা ৫০০ অধিক  গুলী ফুটিছে। কাকপথাৰত অঞ্চলত থকা স্থানীয় লোকে ৰাতি ভয় কৰিছিল এজনে আনজনক ফোন কৰিছিল।তাৰ পিছত আমাক  সেনাই আশ্বাস দিছে চিন্তা কৰিবলগীয়া একো নাই বুলি ।

ইফালে এই উক্ত আক্ৰমণত আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ কৰা হৈছে । আক্ৰমণটোত ভাৰতীয় সেনাৰ ৩ গৰাকী জোৱান আহত হৈছে সূত্ৰৰ অনুসৰি আক্ৰমণকাৰী দলটোৱে এখন ট্ৰাক ব্যৱহাৰ কৰিছিল ৷এই ট্ৰাক অৰুণাচল প্ৰদেশ অভিমুখে পলায়ন কৰে।ৰাতিপুৱা অৰুণাচল প্ৰদেশৰ টেঙাপানীত আক্ৰমণকাৰীয়ে ব্যৱহাৰ কৰা সন্দেহজনক এখন ট্ৰাক আৰক্ষীয়ে উদ্ধাৰ কৰে ।  এই ট্ৰাকখনৰ নম্বৰ AS-25-EC- 2359 ৷

Leave a Reply

Your email address will not be published. Required fields are marked *