জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী

Share

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি অসমত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুপৰীয়া ১ বজাত গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰত অৱতৰণ কৰিব। বিমান বন্দৰৰ পৰা পোনে-পোনে ৰাওনা হ’ব সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ। জুবিনৰ পৰিয়ালকো সাক্ষাৎ কৰিব নেতা গৰাকীয়ে।

অসমৰ অন্য় কোনো ৰাজনৈতিক কামত অংশগ্ৰহণ নকৰে নেতা গৰাকীয়ে। ৰাহুল গান্ধীৰ এই ভ্ৰমণ কেৱল জুবিনৰ শ্ৰদ্ধাঞ্জলিৰ বাবে কৰা এক ব্য়ক্তিগত কাৰ্যসূচী। এই কথা সংবাদ মাধ্যমক সদৰী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় পুনৰ উভতি যাব ৰাহুল গান্ধী।

ৰাহুল গান্ধী অসমলৈ অহাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে জুবিনৰ শেষকৃত্যত কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় নেতা অসমলৈ অহাটো বিছাৰিছিলো কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। শেহতীয়াকৈ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰাহুল গান্ধী অসমলৈ আহিব বুলি জানিবলৈ পায় তেওঁক আমি আদৰণি জনাইছো।

ৰাহুল গান্ধীৰ আগমনত আইন-শৃংখলা ৰক্ষাৰ বাবে সহায় কৰিবলৈ সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি।

Leave a Reply

Your email address will not be published. Required fields are marked *