নতুন কমিটীক লৈ অসন্তষ্টি মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰৰ

Share

কংগ্ৰেছৰ ভিতৰচৰাত লাগিছে অথন্তৰ ।পুৰণা মহিলা কংগ্ৰেছ কমিটী ভংগক লৈ অসন্তুষ্টি মীৰা বৰঠাকুৰৰ। নতুন কমিটীৰ গঠনক লৈ সন্তুষ্ট নহয় মহিলা নেত্ৰীগৰাকী।তাকে লৈ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ লৈ প্ৰেৰণ কৰে এখন পত্ৰ।পত্ৰখন বিশেষভাৱে চৰ্চালৈ আহিছে যদিও পত্ৰখনৰ সন্দৰ্ভত অজ্ঞাত আচৰণ কৰিছে মীৰা বৰঠাকুৰে। অৱশ্যে মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই  নতুনকৈ গঠন কৰা কমিটীক লৈ সন্তুষ্ট বুলি একেমুখে স্বীকাৰ কৰা নাই নেত্ৰী মীৰা বৰঠাকুৰে। এই সন্দৰ্ভত তেওঁ কয় যে “কালি মোক নতুন কমিটীত দায়িত্ব দিছে। মই আমাৰ পুৰণি সদস্যক ল’ব লাগে বুলি অনুৰোধ জনালো। দলৰ পৰ্যায়ত বিভিন্ন কথা হৈ থাকিব পাৰে।কিন্তু কি চিঠিত ওলাইছে মই গম পোৱা নাই।মই কি চিঠি দিছো মই দেখা নাই। মই চিঠি লিখিলো নে নিলিখিলো সেইটো বাতৰি হব নোৱাৰে। মই অসন্তুষ্ট হোৱাৰ কথা ক’ত আছে। মোক পুনৰ সভানেত্ৰীৰ দায়িত্ব দিছে নতুন কমিটীখনত আৰু কিছু মানুহৰ নাম ভৰাবলৈ ক’ব পাৰো। তাত অসন্তুষ্টিৰ কথা নাই।” 

Leave a Reply

Your email address will not be published. Required fields are marked *