এই বৰ্ষত ৩ গৰাকী বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। জন ক্লাৰ্ক, মিচেল এইচ ডেভ’ৰেট আৰু জন এম মাৰ্টিনিছে লাভ কৰিছে এই সন্মান। এই তিনিওগৰাকী কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানী। ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে ঘোষণা কৰে এই সন্মান।
“বৈদ্যুতিক বৰ্তনীত মেক্ৰ’স্কোপিক কোৱান্টাম মেকানিকেল টানেলিং আৰু শক্তি কোৱান্টাইজেচন”ৰ আৱিষ্কাৰৰ বাবে তিনিওগৰাকী বিজ্ঞানীয়ে এই সন্মান লাভ কৰিছে। এই আৱিষ্কাৰটো কোৱান্টাম কম্পিউটিং, ক্ৰিপ্টোগ্ৰাফী, চেন্সৰৰ দৰে নতুন প্ৰযুক্তিৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। এই গৱেষণাই কোৱান্টাম পৰিঘটনাসমূহক মানৱীয় দৃষ্টিভংগীত উপলব্ধিৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে। ২০২৫ চনৰ ১০ ডিচেম্বৰত এই বঁটা সমূহৰ প্ৰতিষ্ঠাপক আলফ্ৰেড ন’বেলৰ মৃত্যু বাৰ্ষিকীত ন’বেল বঁটা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।
ছুইডেনৰ এজন ধনী উদ্যোগপতি আৰু ডাইনামাইটৰ উদ্ভাৱক আলফ্ৰেড ন’বেলৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হয়। মৃত্যুৰ পূৰ্বে তেওঁ ১৮৯৫ চনত বাৰ্ষিক বঁটাসমূহৰ বাবে নিজৰ সম্পত্তিৰ এক বৃহৎ অংশ উইল কৰি থৈ যায়। ১৯০১ চনত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে প্ৰথম এই বঁটা প্ৰদান কৰা হৈছিল। পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত এতিয়ালৈকে মুঠ ১১৮ বাৰ এই বঁটা প্ৰদান কৰা হৈছে, য’ত ২২৬ গৰাকী গৱেষকে এই সন্মান লাভ কৰিছে।