বিহাৰৰ বিধান সভাৰ ২৪৩ খন আসনৰ বাবে দুটা পৰ্যায়ত ৬ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব বিহাৰত বিধানসভা নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে এই সময়সূচী । দুটা পৰ্যায়ত নিৰ্বাচন সম্পন্ন হোৱাৰ পাছতেই ১৪নৱেম্বৰত আৰম্ভ হব ভোটগনণা ।ইতিহাসৰ আটাইতকৈ ভাল নিৰ্বাচন হ’ব বুলি মত পোষন কৰে মুখ্য নিৰ্বাচনী আয়ুক্তই ।সময়সূচী প্ৰকাশৰ পাছতেই জল্পনা-কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ মাজত ।
২৪৩ টা সমস্টিত হবলগীয়া এই নিৰ্বাচনত এক প্ৰাক নিৰ্বাচনী সমীক্ষাত এন ডি এ আশন দখল কৰা ভৱিষ্যত বাণী প্ৰকাশ এই সমীক্ষা দ্বাৰা। সমীক্ষাত ৰাজ্যখনৰ জে ডি ইউৰ এন ডি এ য়ে ১৩০ ৰ পৰা ১৬০ খন আসন লাভ কৰাৰ আশংক্ষা এই সমীক্ষাৰ ২০২০ চনৰ তোলনাত যথেস্ট ভাল ফল পাব এন ডি এ য়ে । মেট্ৰিজ-আই এ এন, জে ভি চি, স্পিক মেডিয়া নেটৱৰ্ক, ভোট ভাইবে চলোৱা এই সমীক্ষাত নীতিশ কুমাৰ নেতৃত্বত এন ডি এ ৪০-৫০ শতাংশ ভোট লাভ কৰিব ।সমীক্ষাত মহাগঠবন্ধনেও তীব্ৰ প্ৰত্যাহবান আগবহাব বুলি উল্লেখ কৰিছে । ৰাষ্ট্ৰীয় জনতা দলৰ (আৰ জে ডি) য়ে ৪০ শতাংশ তথা ১০৩ খন আসন পাব বুলি প্ৰকাশ কৰে । সমীক্ষাত অংশগ্ৰহণ কৰা ২৭ শতাংশ লোকে পৰৱৰ্তী মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হ’ব লাগে বুলি মত প্ৰকাশ কৰে। এই সমীক্ষা প্ৰকাশত বিজেপিয়ে ৮০-৮৫ খন , জে ডি ইউ ৰ ৬০-৬৫ ,জে ডিয়ে ৬০-৬৫ আৰু কংগ্ৰেছে ০৭ ৰ পৰা ১০ খন আসন লাভ কৰিব বুলি মত প্ৰকাশ কৰিছে।