ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত সেৱা হি সমৰ্পণ: সেৱা সপ্তাহৰ শুভাৰম্ভণি কৰা হৈছে। এই অনুষ্ঠানৰ সমান্তৰালকৈ অহা ২ অক্টোবৰলৈকে সুস্থ নাৰী সুস্থ পৰিয়াল অভিযানো চলি থাকিব। অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্ৰদীপ কুমাৰ গুপ্তায়ে হামৰেণ মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি নাগৰিক আৰু স্থানীয় সংগঠনসমূহক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। পশ্চিম কাৰ্বি আংলং জিলাৰ ৭৪ টা স্বাস্থ্য কেন্দ্ৰত সুস্থ নাৰী সুস্থ পৰিয়াল অভিযান চলিব, য’ত মহিলা আৰু শিশুসকলৰ স্বাস্থ্য সংক্ৰান্তীয় সকলো প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হ’ব। তদুপৰি প্ৰত্যেকটো স্বাস্থ্যকেন্দ্ৰলৈ জিলাখনৰ বিশেষজ্ঞ চিকিৎসক হৈ চিকিৎসা প্ৰদান কৰিব।
সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ জিলা আঁচনি প্ৰৱন্ধক হিল্টন শইকীয়াই কয় যে এই অভিযানত একাধিক চৰকাৰী বিভাগৰ সক্ৰিয় অংশগ্ৰহণ থাকিব। স্বাস্থ্য সম্পৰ্কীয় পদক্ষেপৰ উপৰিও ইয়াত সমাজ কল্যাণ, শিক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰতো বিশেষভাৱে আলোকপাত কৰা হ’ব। তদুপৰি অহা ২২ ছেপ্টেম্বৰত জিলাৰ ডংকামোকাম, বৰকক আৰু বৈঠালাংচুত ১৬১ জন যক্ষ্মা ৰোগীক খাদ্যৰ পেকেট বিতৰণ কৰা হ’ব। সদ্যহতে আমাৰ জিলা খনৰ আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে লং-এ-লুবই, জেংখা, পানিমুৰ, দৈয়াংমুখ, বৰকক, ফাংটেংফ্ৰাং, লিঞ্চিকা, বৰথল আৰু পুঞ্জাবৰপথাৰ আয়ুস্মান আৰোগ্য মন্দিৰত সুস্থ নাৰী সুস্থ পৰিয়াল অভিযান চলি আছে।
জিলা পৰ্য্যায়ৰ শুভাৰম্ভণি কাৰ্য্যসূচীত উপস্থিত আছিল পশ্চিম কাৰ্বি আংলং জিলাৰ সহকাৰী উপায়ুক্ত হিমাদ্ৰী শেখৰ বৰদলৈ, জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডাঃ জগতসিং টেৰণ, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত কুমাৰ নাথ, জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ ন’ডেল বিষয়া ডাঃ মন্তু কুমাৰ শ্যাম, হামৰেন মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ আলতাফ হুছেইন,চিকিৎসা আৰু স্বাস্থ্য বিষয়া-১ ডাঃ মিৰ্ডিহুন টেৰনপি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলং আৰু হামৰেন মহকুমা অসামৰিক চিকিৎসালয় বিভিন্ন বিষয়ববীয়াসকল।