ভাৰতে গঢ়িলে অভিলেখ – পাচঁ মাহত ১ ট্ৰিলিয়ন মূল্যৰ স্মাৰ্টফোন ৰপ্তানি

Share

আমেৰিকাই আৰোপ কৰা শুল্কৰ বাবে ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰখন সমস্যাৰে ভৰি আছিল। কিন্তু তাৰ মাজতেই ভাৰতে গঢ়িলে এক বিশ্ব অভিলেখ। “পি এল আই”ৰ দ্বাৰা পৰিচালিত ভাৰতৰ স্মাৰ্টফোন ৰপ্তানি খণ্ডই বিত্তীয় বৰ্ষ ২০২৬ৰ প্ৰথম পাচঁ মাহত ১ ট্ৰিলিয়ন মূল্যৰ স্মাৰ্টফোন ৰপ্তানি কৰাৰ কথা প্ৰকাশ কৰিছে।

গুৰুত্বপূৰ্ণ বিষয় যে এই সংখ্যা বিত্তীয় বৰ্ষ ২০২৫ৰ ৬৪,৫০০ তকৈ ৫৫ শতাংশ অধিক। এপলৰ লগত চুক্তিবদ্ধ ভাৰতৰ দুটা কোম্পানী টাটা ইলেক্ট্ৰনিক্স আৰু ফক্সকনৰ এই সময়চোৱাত মুঠ স্মাৰ্টফোন ৰপ্তানিৰ সংখ্যাই ৭৫০০০ কোটিৰ সংখ্যা অতিক্ৰম কৰিলে। অৰ্থাত এই দুটা কোম্পানীয়েই ভাৰতৰ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰখনত ৭৫ শতাংশ অৰিহনা যোগাইছে।

উল্লেখ্য যে পি এল আই ৰ লক্ষ্য আছিল ভাৰতীয় উৎপাদনকাৰীসকলক বিশ্ববজাৰৰ প্ৰতিযোগীতাৰ অংশীদাৰ কৰা। ১ ট্ৰিলিয়ন স্মাৰ্টফোন ৰপ্তানিৰে ভাৰত এতিয়া সেই লক্ষ্যত সফল হোৱাৰ দিশত অগ্ৰসৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *