দুদিনীয়া অসম ভ্ৰমণেৰে ১৩ ছেপ্টেম্বৰত অসমত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।অসমত কেইবাটাও আধাৰশিলাৰ প্ৰকল্পৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে।১৪ ছেপ্টেম্বৰত দিনৰ ২:৩০ মিনিটত নুমলীগড়ত প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প বায়’ ৰিফাইনেৰী উদ্বোধন কৰে মোদীয়ে।নুমুলীগড়ত উদ্যোগিক খণ্ডৰ দুটা প্ৰকল্পৰ উদ্বোধন কৰি অসমৰ অৰ্থনৈতিক বিকাশত এক নতুন দিগন্তৰ সূচনা কৰে প্ৰধানমন্ত্ৰীয়ে ।এই প্ৰকল্পত মুঠ ৫,০০০ কোটি টকা ব্য়য় ধাৰ্য কৰা হৈছে ।এই প্ৰকল্পত অসমৰ স্থানীয় জৈৱ সম্পদ ব্যৱহাৰ কৰা হ’ব।ইয়াৰ জৰিয়তে ৰিফাইনেৰী প্ৰকল্পটোৰ পৰা যথেষ্ট উপকৃত হোৱাৰ লগতে এই উদ্যোগত প্ৰায় ৩০ হাজাৰ কৃষকে সংস্থাপন পাব।এই প্ৰকল্পটোৱে উচ্চ মূল্যৰ ফাৰফুৰাল ,এচিটিক এচিড বায়’চাৰ ,এক্টিভেটেত কাৰ্বনৰ লগতে ২৫ মেগাৱাট সেউজ শক্তি উৎপাদন কৰিব।
এই প্ৰকল্পত জাতি বাঁহ আৰু ভলুকা বাঁহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি বছৰি ৫০ হাজাৰ মেট্ৰিকটন ইথানল ,১৯ হাজাৰ মেট্ৰিকটন ফাৰফিউৰেল,১১ হাজাৰ মেট্ৰিকটন এচিটিক এচিড আৰু ৩১ হাজাৰ মেট্ৰিকটন তৰল কাৰ্বন ডাই অক্সাইড উৎপাদন কৰিব।বাঁহৰ অৱশিষ্টখিনি জ্বলাই দি তাৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব।নুমলীগড়ত যিসকল বাঁহৰ খেতিয়ক আছে,তেঁওলোকে ৬০ লাখ বাঁহৰ পুলি বিনামূলীয়াকৈ বিতৰণ কৰাৰ কথা উল্লেখ কৰে।