নেপালত ফেচবুক, ইউটিউবকে ধৰি ২৬ টা এপ বন্ধ কৰাৰ লগতে নেপাল চৰকাৰৰ দুৰ্নীতি আৰু নেপতিজিমৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদে দেশখনৰ যথেষ্ট ক্ষয়-ক্ষতি কৰিলে। এই প্ৰতিবাদৰ সময়ত অগ্নিসংযোগ আৰু ধ্বংসমূলক কাৰ্য সুপৰিকল্পিত আছিল আৰু Gen Zৰ প্ৰতিবাদকাৰীসকল জড়িত নাছিল বুলি অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিয়ে জানিবলৈ দিয়ে। কাৰ্কিয়ে কয় যে, যি ধৰণে অগ্নিসংযোগ আৰু ধংসাত্মক কাৰ্য কৰা হৈছে সেয়া অপৰাধমূলক কাণ্ড।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, বিগত সপ্তাহত চৰকাৰ বিৰোধী প্ৰতিবাদত সমগ্ৰ দেশত হিংসা আৰু ধংসলীলাৰ লগত জড়িত থকা লোকসকলক তদন্তৰ আউটালৈ অনা হ’ব। প্ৰতিবাদত নিহত হোৱা সকলক শ্বহীদৰ মৰ্যদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰে কাৰ্কিয়ে। দুদিনীয়া প্ৰতিবাদত কে পি শৰ্মা অলী চৰকাৰক উফৰাই দিয়াৰ পাছত Gen Zৰ সমৰ্থনত নেপালৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে সুশীলা কাৰ্কিক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে। তেওঁ কাঠমাণ্ডু ৰ সিং দৰবাৰ সচীবালয়ৰ নৱ নিৰ্মিত গৃহমন্ত্ৰালয় ভৱনত দায়িত্ব গ্ৰহণ কৰে।
নেপালৰ এই পৰিস্থিতিয়ে ভাৰতকো চিন্তিত কৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰত-নেপাল সীমান্তত সতৰ্কতা বৃদ্ধিৰ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিংসা কাৰ্যৰ গভীৰ শোক প্ৰকাশ কৰি নেপালৰ নাগৰিকক শান্তি আৰু ঐক্য বজাই ৰাখিবলৈ আহ্বান জনায়।