উল্লেখযোগ্য যে ২২ মে’ ২০২৫ বৃহস্পতিবাৰে শৃংখল চলিহাই সামাজিক মাধ্যমত ফেচবুকত এক প’ষ্টত লিখিছিল, দুলীয়াজান থানাৰ OC য়ে মোক Whatsapp ৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে সকলোলৈ মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালে ও আন্দোলন কোনো কাৰণতে স্তব্দ হ’ব নালাগে ধন্যবাদ জয় আই অসম বুলিও উল্লেখ কৰে শৃংখলে । জানিব পৰা মতে বীৰ লাচিত সেনাক বন্ধ প্ৰত্যাহাৰ কৰিবলৈ দুলীয়াজান আৰক্ষীৰ তৰফৰ পৰা শৃংখল চলিহালৈ এক জাননী প্ৰেৰণ কৰিছিল। জাননীৰ জৰিয়তে বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি শান্তি বজাই ৰখাত সহযোগিতা কৰিবলৈ আহব্বান জনাইছিল দুলীয়াজান আৰক্ষীয়ে নহলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছিল জাননীখনত ।ইফালে শান্তিপূৰ্ণভাৱে বন্ধ কাৰ্যসূচী অব্যাহত ৰখাৰ সমতে দুলীয়াজানলৈ গৈ থকাৰ অবস্থাত চেপনৰ পৰা আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ নেতা সচিব শৃংখল চলিহাক । তাৰোপৰি সংগঠনটোৰ আন এগৰাকী বিষয়বধীয়াকো আৰক্ষীয়ে আটক কৰে ।