দেশৰ ভিতৰতে সৰ্বাধিক পৰ্যটকে ভিৰ কৰা তৃতীয় পৰ্যটনৰ স্থান হিচাপে পৰিগণিত হৈছে কাজিৰঙা।এই বিষয়লৈ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে,এই চলিত বৰ্ষত এতিয়ালৈকে ১৮,৪৬৩জন আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে।এতিয়ালৈকে মুঠ ৪,৪৩,৬৩৬ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে।যিটো যোৱা বছৰৰ তুলনাত প্ৰায় ৩৫ শতাংশ বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা পোষ্টটোত উল্লেখ কৰা হৈছে যে,২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ১৮ মে’ ২০২৫ পৰ্যন্ত মুঠ ৪,৪৩,৬৩৬ জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে।কাজিৰঙা ভ্ৰমণ কৰা মুঠ পৰ্যটকৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা হৈছে ১৮,৪৬৩জন।এই সংখ্যা যোৱা বছৰৰ তুলনাত ২৬ শতাংশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে।উল্লেখ্য যে বাৰিষাৰ বাবে অনিৰ্দিষ্টকালৰ বাবে ১৯ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰাৰ ঘোষণা কৰা হৈছিল।কিন্ত সোমবাৰে প্ৰকাশিত খবৰ অনুসৰি,৩১ মে’ পৰ্যন্ত কাজিৰঙা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰাৰ কথা জাননীৰ জৰিয়তে ঘোষণা কৰিছে।