বি টি আৰৰ নিৰ্বাচনত এককভাৱে প্রতিদ্বন্দ্বীতা আগবঢ়াব বিজেপি আৰু ইউ পি পি এলে। এই সন্দৰ্ভত সোমবাৰে বশিষ্ঠ স্থিত ৰাজ্যিক বিজেপিৰ মুখ্যকাৰ্যালয়ত অনুষ্ঠিত হয় এক বৈঠক। বৈঠক উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, শেহতীয়া কৈ অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু ২৫ মে’ত হ’ব লগীয়া ত্ৰিৰংগা যাত্ৰাৰ বিষয়েও তেওঁক অৱগত কৰায়। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচনৰ পৰিচালনাৰ বাবে কমিটি গঠন কৰি দিছে। আগন্তুক এসপ্তাহৰ ভিতৰত এজন মন্ত্ৰী আৰু পাৰ্টীৰ বিশিষ্ঠ পদাধিকাৰীয়ে বিটিআৰ বিভিন্ন অঞ্চলৰ ভ্ৰমণৰ বাবে যাব। এই ভ্ৰমণৰ পৰা আহি তেওঁলোকে বিটিআৰ নিৰ্বাচনত নিজৰ স্থিতি সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিব। উল্লেখ্য যে আগন্তুক ছেপ্তেম্বৰ অক্টোবৰ মাহৰ ভিতৰত বড়োলেণ্ড স্বায়ত্ত্বশাসিত এলেকাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।