মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত সৰব গৌৰৱ গগৈ

Share

গৌৰৱ গগৈৰ পাকিস্তান সংগোক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে সাংসদগৰাকীয়ে। দেওবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সৰৱ হৈ উঠে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত থকা সংযোগক সন্দৰ্ভত উত্থাপন কৰা অভিযোগক অমূলক আৰু অসঙ্গত বুলি অভিহিত কৰে। ১০০ শতাংশৰ ৯৯ শতাংশই মিছা মাতি সকলোকে বিভ্ৰান্তিত পেলাইছে মুখ্যমন্ত্ৰীয়ে। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক ওলোটাই প্ৰশ্ন কৰি শুধে যে-তেওঁ কেতিয়া পাকিস্তানলৈ গৈছিলো ? যিহেতু তেওঁ পাকিস্তানলৈ যোৱাৰ বাবে পাকিস্তান সমৰ্থক , তেন্তে মুখ্যমন্ত্ৰীও বিভিন্ন সময়ত বাংলাদেশলৈ গৈছে অৰ্থাৎ তেওঁ বাংলাদেশ সমৰ্থনকাৰী নেকি?

কংগ্ৰেছত থকাৰ পৰা এতিয়ালৈকে, গৌৰৱ গগৈক লৈ সদায় এক অজান আশংকাত ভুগে মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে গৌৰৱ গগৈৰ পূৰ্বৰ কলিয়াবৰ সমষ্টিকো খণ্ড-বিখণ্ড কৰিছে মুখ্যমন্ত্ৰীয়ে। এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৌৰৱ গগৈৰ অভিযোগ। দলৰ নেতৃত্বৰ সন্মুখত গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান কৰি সন্দেহজনক কৰি স্থিতি কৰি তুলাৰ অপচেষ্টা কৰিছে। য’ত বিফল হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Leave a Reply

Your email address will not be published. Required fields are marked *