ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিৰ পিছতেই সুৰ সলনি কৰিলে ড’নাল্ড ট্ৰাম্পে

Share

যুদ্ধ বিৰতিৰ পিছতেই সুৰ সলনি কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।এক অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে তেওঁৰ মধ্যস্থতাত হোৱা নাই যুদ্ধ বিৰতি। ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে-মই যুদ্ধ বিৰতি কৰোৱা নাই।কিন্ত মই সহায় কৰিছো।উল্লেখ্য যে ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে ট্ৰাম্পে দাবী কৰিছিল তেওঁ ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতি কৰাইছে।ট্ৰাম্পে কৈছিল যে এয়া এক কূটনৈতিক সিদ্ধান্ত আৰু তাক লৈ তেওঁ গৌৰৱান্বিত।কিন্ত এতিয়া ট্ৰাম্পে সেই কথাৰ সুৰ সলনি কৰি কেৱল সহায় কৰা বুলিহে মন্তব্য কৰে।

কাটাৰৰ দোহাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাই আছিল।এনে হৈছিল যে কেৱল মিছাইলৰ দ্বাৰাহে আলোচনা হ’বলৈ ওলাইছিল।সেইবাবে তেওঁ দুয়োখন দেশৰ সৈতে কথাপাতি পৰিস্থিতি শান্ত কৰা বুলি কয়।

ট্ৰাম্পে কয় যে ভাৰত পাকিস্তান এতিয়া সুখী আছে আৰু দুয়োখন দেশে বাণিজ্য কৰাৰ বাবে আলোচনা কৰি আছে।কিন্ত এই কথা কৈয়ে পুনৰ সুৰ সলনি কৰিলে ট্ৰাম্পে।কথা সলাই পুনৰ ট্ৰাম্পে কয় এই দেশ দুখনো হাজাৰ বছৰ ধৰি এনেকৈ যুঁজি আহিছে।মই সমাধান কৰিব পাৰিম নে নোৱাৰিম নাজানো এয়া এক কঠিন বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *