ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ।পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে।অপাৰেশ্যন সেন্দূৰৰ পাছতেই পাকিস্তানে ভাৰতক কৰা আক্ৰমণ উত্তেজনা চৰম পৰ্যায়লৈ যোৱাৰ পিছতে ১০ মে’ত দুই দেশৰ মাজত হৈছিল যুদ্ধ বিৰতি।কিন্ত এতিয়া হঠাতে পাকিস্তানে কথা পাতিব বিচাৰিছে ভাৰতৰ সৈতে।বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কয় যে-ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে পাকিস্তান প্ৰস্তুত।ভাৰতক শান্তি আলোচনাৰ প্ৰস্তুাৱ দি শ্বাহবাজ শ্বৰীফে কয় যে আমি শান্তি প্ৰতিষ্ঠানৰ বাবে তেওঁলোকৰ (ভাৰতৰ) সৈতে আলোচনা কৰিবলৈ সাজু।শান্তি আলোচনাৰ চৰ্ত এয়াই যে কাশ্মীৰ বিষয়টোৰ ওপৰতো আলোচনা হ’ব লাগিব।পাকিস্তানৰ পঞ্জাৱ প্ৰান্তৰ এক এয়াৰবেছত উপস্থিত হৈ শ্বাহবাজ শ্বৰীফে এই মন্তব্য কৰে।এয়াৰবেছত উপস্থিত হৈ শ্বাহবাজ শ্বৰীফে পাকিস্তানী সেনা জোৱানসকলক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়।সেই সময়ছোৱাত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰ,প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফসেনা প্ৰধান জেনেৰেল আছিম মুনিৰ,বায়ুসেনাৰ মুখ্য বায়ু প্ৰধান মাৰ্শ্বাল জহীৰ আহমেদ বাবৰ সিন্ধু।
আনহাতে মাত্ৰ কেইটামান দিনৰ ভিতৰত দুই দেশৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল।এই সকলোবোৰৰ মাজত যোৱা ১০ মে’ত দুই দেশে যুদ্ধ বিৰতি কৰিবলৈ সক্ষম হয়।এই সময়ছোৱাতে ভাৰতে স্পষ্ট কৰি দিছে যে যুদ্ধ বিৰতি হ’লেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুজঁ অব্যাহত থাকিব।ইয়াৰোপৰি পাকিস্তানৰ লগত আলোচনা হ’লে কেৱল পি অ কে আৰু সন্ত্ৰাসবাদীৰ মাজতহে হ’ব।