পঞ্চায়ত নিৰ্বাচনত এইবাৰ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ সকলোতে দেখা গ’ল গেৰুৱা আবিৰৰ ঢৌ। পূৰ্বৰ তুলনাত ক্ৰমাত অধিক বৃদ্ধি পাইছে বিজেপিৰ ভোটাৰ আৰু সমৰ্থনকাৰীৰ সংখ্যা। আনহাতে, ক্ৰমাগতভাৱে নিম্নগামী হৈছে বিৰোধী কংগ্ৰেছৰ দলৰ ক্ষমতা।
২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ তুলনা ২০২৫ৰ নিৰ্বাচনত দেখা হৈছে এক বুজন সংখ্যক ভোটাৰৰ পাৰ্থক্য। ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ আসনৰ মুঠ ৫০.৪৮% অৰ্থাৎ ২১২ খন আসনহে লাভ কৰিছিল বিজেপি দলে আৰু ৪.৫২% অৰ্থাৎ মাত্ৰ ১৯খন আসন লাভ কৰিছিল অগপ দলে। কিন্তু ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনত এই সংখ্যা বৃদ্ধি পাই হৈছে গৈ ৬৮.৫১% অৰ্থাৎ ২৭২ খন আসন। ইয়াৰ সমান্তৰালকৈ, মিত্ৰজোঁটত থকা অগপ দলেও লাভ কৰিছে ৭.০৫% অৰ্থাৎ ২৮খন আসন।
পিছে,পূৰ্বৰ তুলনাত ক্ষমতা হেৰুৱা লগীয়া হৈছে কংগ্ৰেছ দলে। ক্ৰমাত অৱনমিত হৈছে কংগ্ৰেছ দলৰ ভোটৰ সংখ্যা । ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল ৩৫% অৰ্থাৎ ১৩৭খন আসন। ইয়াৰ বিপৰীতে ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনত লাভ কৰিছে ১৮.৩৮% অৰ্থাৎ মাত্ৰ ৭৩খন আসনহে লাভ কৰিছে কংগ্ৰেছ দলে।
বিজেপি দলৰ জিলা পৰিষদৰ আসন বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে আঞ্চলিক পঞ্চায়তৰ ভোটাৰৰ সংখ্যা। ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে লাভ কৰিছিল ৪৮.৬৬% অৰ্থাৎ ১,০২৫ খন আসন। আনহাতে অগপ দলে লাভ কৰিছিল ৬.৫৫% অৰ্থাৎ ১১৮খন আসন। যি ২০২৫ৰ পঞ্চায়ত নিৰ্বাচনত বৃদ্ধি পাই হৈ গৈ ৫৭.৭০% অৰ্থাৎ১,২৬৫খন আসন আৰু অগপ দলৰ ৭.৮০% অৰ্থাৎ ১৭১খন আসন।
ইয়াৰ বিপৰীতে, কংগ্ৰেছ দলে ২০১৮ চনত আঞ্চলিক পঞ্চায়তৰ ৩৫.০৯% অৰ্থাৎ ৭৭১খন লাভ কৰাৰ বিপৰীতে ২০২৫ৰ নিৰ্বাচনত লাভ কৰিছে ২১.৭৬% অৰ্থাৎ ৪৭৭খন আসন।বিজেপি মিত্ৰজোঁটৰ এই বৃহৎ লাভে ২০২৬ৰ লোকসভা নিৰ্বাচনত ইয়াতকৈও ভাল ফলাফল কৰাৰ বাবে অধিক আত্মবিশ্বাসী কৰিছে তুলিছে বিজেপি দলক।