সম্ভাব্য পাৰমাণৱিক যুদ্ধ আমেৰিকাই ৰোধ কৰা বুলি মন্তব্য প্ৰদান ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

Share

নিজে নিজৰ প্ৰশংসাত পঞ্চমুখ ৰাষ্ট্ৰপতি ট্ৰাম্প। আমেৰিকাৰ মধ্যস্থতাত ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতি হোৱাত গৌৰৱান্বিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিত আমেৰিকাৰ মধ্যস্থতাক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতেই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে তেওঁৰ প্ৰশাসনে দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ কৰিবলৈ সক্ষম হৈছে। কাৰণ যুদ্ধ বন্ধ কৰিবলৈ ভাৰত আৰু পাকিস্তান উভয় ৰাষ্ট্ৰত হেঁচা প্ৰয়োগ কৰা হৈছিল। অন্যথা ৰাষ্ট্ৰ দুখনৰ সৈতে আমেৰিকাই ব্যৱসায় বন্ধ কৰি দিব বুলি সকীয়নী প্ৰদান কৰিছিল। এই সংবাদমেলত ৰাষ্ট্ৰপতি ট্ৰাম্পে মন্তব্য কৰে যে- বাণিজ্যিক দিশক অস্ত্ৰ হিচাপে লৈ আমি এই কূটনৈতিক কামটো কৰিছো। আমেৰিকাৰ হৈ ট্ৰাম্পৰ এই দাবীয়ে ইংগিত প্ৰদান কৰে যে বিশ্বৰ মহাশক্তিসমূহে দক্ষিণ এছিয়াৰ পৰিস্থিতিৰ প্ৰতি অত্যন্ত সতৰ্ক আৰু যিকোনো প্ৰকাৰেই পাৰমাণৱিক যুদ্ধ ৰোধ কৰিব বিচাৰে। উল্লেখযোগ্য যে, আমেৰিকাৰ সকীয়নীক পাছতো যুদ্ধ বিৰতি ভংগ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *