জেঠ মাহত বিহু আয়োজন কিয়?

Share

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰীৰ আহ্বানত হঠাতেই বন্ধ হৈ পৰিছিল বিহুৰ অনুষ্ঠান।মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে ১০ মেৰ পিছত বিহুৰ অনুষ্ঠান বাতিল কৰিছিল বিহু উদযাপন কমিটীসমূহৰ লগতে শিল্পীসকলেও।এতিয়া ভাৰত পাকিস্তান যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে।সেয়েহে এই সময়তে এতিয়া বিহু উদযাপন কমিটীসমূহৰ মনত প্ৰশ্নৰ উদয় হৈছে যে বিহুৰ বাকী থকা অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব পাৰিব নে নোৱাৰে ?এই সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত উপস্থিত হৈ বিহু অনুষ্ঠান প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় ১৪ মে মানে সম্পূৰ্ণ ব’হাগ মাহ পাৰ হৈ যাব।জেঠ মাহত বিহু পাতিলে ৰাইজেও বেয়া পায়। গতিকে কোনোবাই যদি পালন কৰিবলগীয়া আছে অহা দুই তিনিটা দিনত বিহু পাতি শেষ কৰিলে মোৰ কোনো আপত্তি নাই।কিন্ত জেঠত অৱতৰীয়া বিহু পাতিলে আমাৰ যিটো জাতীয় জীৱন বা যি পৰম্পৰা সি কষ্ট পায়।মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে এটাতে আমি সেনা বাহিনী বা ভাৰত-পাকিস্তানৰ বাবে কৈছিলো। কিন্ত জেঠত বিহু পতাতো ঠিক নহয়।এতিয়া কিছুমানে পেণ্ডেল সাজি থৈছে বা মাইক ভাৰা দি থৈ দিছে তেনেকুৱাই দুই এখন বিহু এই দুদিনত শেষ কৰি দিলে কব লগা নাই। কিন্ত ১৫মেৰ আগত বিহু পতা উচিত। আমাৰ বাপতি সাহোন বিহুটিৰ অসন্মান হব নালাগে।গতিকে সেই কঠোটো ৰাইজে দৃষ্টি ৰাখিব। যিটো কথাৰ কাৰণে মই আবেদন কৰিছিলো সেই কথাটো এতিয়া নাই।কিন্ত এতিয়া এজন অসমীয়া লৰা হিচাপে,যুৱক হিচাপে,ব্যক্তি হিচাপে অনুৰোধ কৰিম যে বহাগৰ বিহুটিক জেঠলৈ টানি লৈ নাযাব।

Leave a Reply

Your email address will not be published. Required fields are marked *