যুদ্ধ বিৰতিৰ পিছত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

Share

অপাৰেশ্যন সেন্দূৰ আৰম্ভ হোৱাৰ পাছত সোমবাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে অপাৰেশ্যন সেন্দূৰ কেৱল এটা নাম নহয় বৰঞ্চ ই এটা জাতিৰ সংকল্প আৰু ন্যায়ৰ সন্ধান।পুনৰ পাকিস্তানক সকীয়াই দি কয় যে-পাকিস্তানে পুনৰ ভাৰতৰ বিৰুদ্ধে দুস্কাৰ্যত লিপ্ত হলে যোগ্য প্ৰত্যুত্তৰ দিব ভাৰতে,আমি নিজৰ ধৰণে নিজৰ চৰ্তত প্ৰত্যুত্তৰ দিম।পেহেলগাম নৰহত্যাৰ প্ৰতিশোধকল্পে ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সেন্দুৰৰ বৃহৎ সফলতা দাবী কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।৬ মেৰ গভীৰ নিশা ৭ মেৰ পুৱা সমগ্ৰ বিশ্বই প্ৰত্যশ কৰিলে অপাৰেছন সেন্দুৰৰ ন্যায়ত অখণ্ড প্ৰতিজ্ঞা। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কেনেকৈ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণৰ পিছত পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ পৰিৱৰ্তে আক্ৰমণ কৰাৰ সাহস লাভ কৰিছিল।তেওঁ কয়,আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে গম পাইছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ পৰা সেন্দূৰ মচি পেলোৱাৰ পৰিণতি কেনে হব পাৰে।প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সন্ত্ৰাসবাদ আৰু ব্যৱসায় একেলগে চলিব নোৱাৰে,পানী আৰু তেজেও একেলগে বব নোৱাৰে।পাকিস্তানৰ সেনা আৰু চৰকাৰে যিদৰে সন্ত্ৰাসবাদক আগবাঢ়ি যোৱাত সহায় কৰিছে পাকিস্তান এদিন শেষ হব।পাকিস্তান যদি জীয়াই থাকিব বিচাৰে তেনেহলে সন্ত্ৰাসবাদক শেষ কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *