মাজত মাথো আৰু কেইটামান দিন বাকী। মে’ মাহৰ প্ৰথম সপ্তাহতেই অনুষ্ঠিত কৰা হ’ব পঞ্চায়ত নিৰ্বাচন। বহু জল্পনা-কল্পনাৰ অন্তত ২ এপ্ৰিলত ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ তাৰিখ। তাৰ পাছৰেই পৰা নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে শাসক বিৰোধী। মুঠ দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন। উজনি অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব ২ মে’ তাৰিখে আৰু ইয়াৰ সমান্তৰালকৈ ৭মে’ তাৰিখে অনুষ্ঠিত কৰা হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ১১ মে’ তাৰিখে কৰা হ’ব ভোট গণনা।
সোমবাৰে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বৰপেটাত বিজেপি আৰু অগপৰ মাজত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস, জয়ন্ত মল্ল বৰুৱা, অগপ নেতা ফণি ভুষণ চৌধুৰী আৰু কেইবাগৰাকীও দলীয় নেতা কৰ্মী। এই বৈঠকতে মন্ত্ৰী ৰঞ্জিত দাসে কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচত ঐক্যভাৱে অৱতীৰ্ণ হ’ব বিজেপি আৰু অগপ। ইতিমধ্যে এই সন্দৰ্ভত দুয়ো দলৰ মাজত আলেচনা হৈ আৰু আগত পঞ্চায়ত নিৰ্বাচনত বিজেপি অথবা অগপ প্ৰাৰ্থীয়ে এন ডি এ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব।
শাসক দলৰ সমান্তৰালকৈ বিৰোধী কংগ্ৰেছ দলেও ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ব্যস্ত হৈছে নিৰ্বাচনী প্ৰচাৰত। যিকোনো প্ৰকাৰে পঞ্চায়ত নিৰ্বাচনত অধিক আসন জয়ী কৰাৰ বাবে প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণনীতি।
আনহাতে, গোৱালপাৰা জিলাত ৰাইজৰ দলৰ এক গণ সমাবেশৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ঘোষণা কৰে যে আগত পঞ্চায়ত নিৰ্বানত সীমীত সংখ্যক আসত হে প্ৰতিদ্বদ্বিতা আগবঢ়াব ৰাইজৰ দলে।